নিউজ ডেস্কঃ ইউক্ৰেইনৰ ৰাজধানী কীৱৰ দাঁতিকাষৰীয়া এলেকা বুশ্বাত প্ৰায় ৩০০টা মৃতদেহৰ সামুহিক কবৰ দিয়া হয়। চহৰখনৰ মেয়ৰে শনিবাৰে এএফপিক জনাই যে, বুশ্বাত আমি প্ৰথমেই ২৮০ গৰাকী লোকক সামুহিক কবৰ দিয়া হৈছে।

মেয়ৰ অনাতোলী ফেডৌৰুকে লগতে কয়- ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধত এই চহৰখনত মৃত্যু হোৱা বহু লোকৰ মৃতদেহ আছে। বুশ্বাৰ এটা সৰু গলিতেই প্ৰায় ২০টা মৃতদেহ দেখিবলৈ পাব। এই সকল লোকক গুলীয়াই হত্যা কৰা হৈছিল।

চহৰত বাস কৰা এনে বহু পৰিয়াল আছিল, যি পৰিয়ালৰ প্ৰতিজন সদস্যই মৃত্যুৰ মুখত পৰিছে। সৰু শিশু, আইতা-ককা, পুৰুষ-মহিলাৰ মৃতদেহো পথতেই আছে বুলি উল্লেখ কৰি মেয়ৰ গৰাকীয়ে লগতে কয়- এয়া ৰাছিয়াৰ আক্ৰমণৰ ফলতেই হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply