নিউজ ডেস্কঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আক্ৰমনৰ দশম দিনা ৰাছিয়াই যুদ্ধবিৰতি ঘোষণা কৰিছে। ৰাছিয়াৰ তৰফৰ পৰা কোৱা হৈছে যে, নাগৰিকসকলক উলিয়াবলৈ সুৰক্ষিত কৰিড’ৰৰ ব্যৱস্থা কৰা হ’ব।
ৰাছিয়াৰ নিৰাপত্তা মন্ত্ৰণালয়ে কয় যে- স্থানীয় সময় অনুসৰি ১০ বজাৰ পৰা নাগৰিকসকলক সুৰক্ষিতভাৱে উলিয়াইবলৈ ইউক্ৰেইনৰ মাৰিয়ুপৌল আৰু ৱোল্নোৱাখা চহৰত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। ৰাছিয়াই নাগৰিকসকলক চহৰ দুখনৰ পৰা বাহিৰলৈ যাবলৈ আহ্বান জনাইছে।
ইফালে, ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ পাছত ছিংগাপুৰেও ৰাছিয়াৰ ওপৰত আৰ্থিক প্ৰবন্ধকতাৰ ঘোষণা কৰিছে। ছিংগাপুৰৰ বিদেশ মন্ত্ৰণালয়ে শনিবাৰে কয় যে- ছিংগাপুৰে ৰাছিয়া চেন্ট্ৰেল বেংক আৰু আন কেতবোৰ বেংকত প্ৰতিবন্ধকতা বলবৎ কৰিছে।
আনহাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আলোচনাৰ কথা উল্লেখ কৰি কৈছে যে, যদি আমাৰ দাবীবোৰ মানি লোৱা হয় তেন্তে আমি যুদ্ধ অন্ত কৰিবলৈ সাজু আছো। তাৰ মাজতে ইউক্ৰেনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি আমেৰিকাৰ ছীনেটৰে এক বৈঠকত মিলিত হ’ব। ভিডিঅ কনফাৰেন্সযোগে এইখন বৈঠকত অংশ ল’ব ৰাষ্ট্ৰপতি জেলেন্সকীয়ে।