নিউজ ডেস্কঃ ইউক্ৰেইনত গুলীচালনাত আহত হৈছে এজন ভাৰতীয় ছাত্ৰ। কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে সাংবাদিকৰ আগত এই সন্দৰ্ভত কয় যে- ইউক্ৰেইনৰ ৰাজধানী কীৱত এগৰাকী ভাৰতীয় ছাত্ৰ গুলীবিদ্ধ হৈছে। বৰ্তমান আহত ছাত্ৰজনক হাস্পতালত ভৰ্তি কৰা হৈছে।

কীৱৰ পৰা পলাবলৈ চেষ্টা কৰা সময়তে গুলীচালনাত আহত হয় ছাত্ৰজন। ইউক্ৰেইনত আক্ৰমণ চলোৱাৰ পাছতে সমগ্ৰ বিশ্বৰে সমালোচনা আৰু বহু প্ৰতিবন্ধকতাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাছিয়া।

ইফালে, যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত বৰ্তমানেও বহু ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে। ৰাছিয়াই ইউক্ৰেইনৰ নিউক্লিয়াৰ পাৱাৰ প্লেন্ট সমূহতো চলাইছে আক্ৰমণ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে দীৰ্ঘসময় বাৰ্তালাপত মিলিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply