নিউজ ডেস্কঃ ইউক্ৰেইনত আজি সামৰিক অভিযান চলাই ৰাছিয়াই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে পুৱা সামৰিক অভিযানৰ ঘোষণা কৰাৰ পাছতে ইউক্ৰেইনত আক্ৰমণ চলাই ৰাছিয়াৰ সেনা বাহিনীয়ে। এই সমগ্ৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সন্ধিয়া এক বৈঠকত অংশগ্ৰহণ কৰিব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হোৱা এই পৰিস্থিতিৰ প্ৰভাৱ পৰিব খাৰুৱা তেলৰ মূল্যৰ ওপৰত। আৰু এই সন্দৰ্ভতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোডীৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু বহু কেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকিব।

উল্লেখযোগ্য যে, ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পাছতে ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই বিষয়ে দৃষ্টি দি ইউক্ৰেইনক সহায়ৰ কৰাৰ অনুৰোধ জনায়। লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে সমগ্ৰ ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply