নিউজ ডেস্কঃ ইউক্ৰেইনৰ ৰাজধানী কীৱৰ মাজমজিয়াত সোমবাৰে তিনিটাকৈ বোমা বিস্ফোৰণ সংঘটিত হয়। ইউক্ৰেইনৰ আন আন চহৰতো বোমা বিস্ফোৰণ হোৱা বুলি খবৰ লাভ কৰা হৈছে।
কীৱৰ এএফপিৰ খবৰ মতে, স্থানীয় খবৰ অনুসৰি সোমবাৰে পুৱা ৮.১৫ বজাত এই বিস্ফোৰণ হৈছে বুলি জানিব পৰা গৈছে। এই বিস্ফোৰণৰ এঘন্টা পূৰ্বে এয়াৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছিল ইউক্ৰেইনৰ ৰাজধানী চহৰখনত।
মন কৰিবলগীয়া যে- এদিন পূৰ্বে ৰাছিয়াৰ ৰাজদানী মস্কোক ইউক্ৰেইনৰ ক্ৰিমীয়াৰ সৈতে সংযুক্ত কৰা দলংখনতো বিস্ফোৰণ সংঘটিত হৈছিল। আৰু এই বিস্ফোৰণ ইউক্ৰেইনে কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনে।
ইফালে, শনিবাৰে ইউক্ৰেইনৰ জাপৌৰিঝঝিয়াত সংঘটিত ৰকেট আক্ৰমণত ১৭জনকৈ লোকে হেৰুৱাইছিল প্ৰাণ আৰু ৪০জন আন লোক গুৰুতৰভাৱে আহত হৈছিল।