নিউজ ডেস্কঃ কৰোনা ভাইৰাছে সমগ্ৰ ভাৰততে সংহাৰী ৰূপ ধাৰণ কৰিছে।
ভাৰতৰ বিভিন্ন প্ৰান্তত নাটনি হৈছে ভেকচিন , অক্সিজেনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে।
এইখিনি সময়তে ভাৰতবাসীৰ বাবে আছে এক সুখবৰ। অহা ১মে’ত ভাৰত আহি পাবহি ৰাছিয়ান কৰোনা ভেকছিন স্পুটনিক-ভি।
ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ মূৰব্বী কিৰিল দিমিত্রিভে এই বিষয়ে অৱগত কৰে।
অৱশ্যে, এই ভাগটোত ভেকছিনটোৰ কিমান পালি অন্তৰ্ভুক্ত কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
ভাৰতত বৰ্তমান ভাৰতৰ চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াত নিৰ্মাণ কৰা এষ্ট্ৰাজেনিকা,অক্সফৰ্ড য়ুনিভাৰ্ছিটিয়ে নিৰ্মাণ কৰা কভিশ্বিল্ড আৰু ভাৰত বায়টেকৰ কোভাক্সিন দিয়া হৈছে।
ৰাছিয়াৰ স্পুটনিক-ভি কৰোনা ভেকছিন বিশ্বত সৰ্বপ্ৰথমে পঞ্জীয়ন কৰা হৈছিল।
মুঠতে বিশ্বৰ ৬০ খন দেশত এই ভেকচিন অনুমোদিত হৈছে।
১মে’ত স্পুটনিক-ভিৰ প্ৰথমটো ড’জ ভাৰতে লাভ কৰিব।
RDIFএ ৫ টা বৃহৎ ভাৰতীয় নিৰ্মাতাৰ সৈতে বছৰি ৮৫০ মিলিয়নতকৈও অধিক ভেকছিন পালি উৎপাদনৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে।
এটা সম্ভাৱনা আছে যে ভাৰতে সোনকালেই স্পুটনিক-ভি উৎপাদন আৰম্ভ কৰিব পাৰে। আৰম্ভণিতে, প্ৰতি মাহে ৫০ নিযুত পালি বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে যিটো অদূৰ ভৱিষ্যতে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।