প্ৰতিনিধিত্বমূলক ছবি

ৰাছিয়াই যুদ্ধত ভেকুৱাম বোমা ব্যৱহাৰ কৰাৰ অভিযোগ ইউক্ৰেইনৰ । ভেকুৱাম বোমাক কোৱা হয় Thermobaric Bomb । পাৰমাণৱিক বোমাৰ প্ৰায় সমতুল্য এই ভেকুৱাম বোমা । ৪৪ কিলোগ্ৰাম পৰ্যন্ত টি এন টি সমৃদ্ধ এই বোমা বিস্ফোৰণৰ পাছত প্ৰায় তিনিশ মিটাৰ এলেকা জ্বলাই শেষ কৰি দিব পৰা ক্ষমতা আছে । তদুপৰি বৃহৎ এলেকাত তাপমাত্ৰ সলনি হৈ পৰে । এলেকাৰ ভিতৰত থকা যিকোনোলোকক বৃহৎ ক্ষতি কৰিব পাৰে । এই ভেকুৱাম বোমা যুদ্ধত ব্যৱহাৰ কৰা প্ৰতিবন্ধকতা আছে যদিও ৰাছিয়ান সেনাই যুদ্ধ নিয়ম উলংঘা কৰি এনে ভয়ানক বোমা ব্যৱহাৰ কৰিছে ।

যুদ্ধৰ মাজতে ইউৰোপীয় সংসদক সম্বোধন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ। ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,’ৰাছিয়াৰ আক্ৰমণত ‘যুদ্ধ অপৰাধ’ ।ইউক্ৰেইনৰ নিৰীহ নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাছিয়াৰ সেনাই।নিৰীহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা কাৰ্যক তীব্ৰ গৰিহণা জনাইছে।ইউৰোপীয় সংসদে ইউক্ৰেইনৰ পক্ষ লোৱা সিদ্ধান্তকো শলাগ লৈছে।

ভাৰত চৰকাৰে ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ ৰাজধানী কিয়েভ এৰি যাবলৈ জৰুৰী বাৰ্তা জাৰি কৰিছে। পুৱাৰে পৰা অধিক জটিল হৈ পৰিছে কিয়েভৰ পৰিস্থিতি। ৰাজধানী চহৰখন ৰাছিয়ান সেনাই ইতিমধ্যে চাৰিওফালৰ পৰা আগুৰি আক্ৰমণ চলাইছে । সমগ্ৰ চহৰখনতে ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰিছে। ফলত ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক জৰুৰীভাবে কিয়েভ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ লগতে এই নাগৰিকসকলক উদ্ধাৰ কৰিবৰ বাবে ভাৰত চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । ভাৰত চৰকাৰে IAF-C-17 বিমানযোগে ভাৰতীয়সকলক অনাৰ ব্যবস্থা কৰিছে।

আজি ৰাচিয়ান সেনাৰ আক্ৰমনত নিহত হোৱা নবীন শ্বেখাৰাপ্পাৰ পিতৃৰ নবীন শ্বেখাৰাপ্পাৰ মৃতদেহ ভাৰত আনিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰী মোডীলৈ কাতৰ আহ্বান।
ৰাছিয়াৰ গোলাবৰ্ষণত মৃত্যু হৈছিল ছাত্ৰজনৰ। খাৰকীভ নেশ্যনেল মেডিকেল ইউনিভাৰ্চিটীৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ আছিল নবীন।

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত বন্দী অসমৰ ছাত্ৰ-ছাত্ৰীৰ তথ্য প্ৰকাশ কৰিছে অসম চৰকাৰে। জাৰি কৰিছে ইউক্ৰেইনত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। এইপৰ্যন্ত ১৮০ ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনত আবদ্ধ হৈ থকাৰ তথ্য লাভ কৰিছে অসম চৰকাৰে। কামৰূপ মহানগৰৰ ৫৯ ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে ইউক্ৰেইনত।

লগতে পঢ়ক- কিয় এইজন শীৰ্ষ বিজেপি নেতাই প্ৰধান মন্ত্ৰীক ‘হিজৰা’ ক’লে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,475 other subscribers

Leave a comment

Leave a Reply Cancel reply