নিউজ ডেস্কঃ ইউক্ৰেইনৰ জাপোৰিজিয়া পাৰমাণৱিক প্ৰকল্প ৰাছিয়াৰ দখললৈ যায়। তেতিয়াৰ পৰা, সৰ্ববৃহৎ পাৰমাণৱিক প্ৰকল্প টোক লৈ উদ্বিগ্ন সমগ্ৰ ইউৰোপ মহাদেশ। বুধবাৰে ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ ৰকেট আক্ৰমণ। এই ঘটনাত ১৩ জন নাগৰিক নিহত হৈছে আৰু কমেও ১১ জন লোক আহত হৈছে। ইয়াৰে পাঁচজনৰ অৱস্থা সংকটজনক। ইউক্ৰেইনে পুনৰ দেশবাসীক সতৰ্ক কৰি দিছে যে যদি মিছাইল পাৰমাণৱিক প্ৰকল্পত পৰে তেতিয়াহ’লে সমগ্ৰ ইউৰোপ এক ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হ’ব।
জাপোৰিজিয়াৰ আঞ্চলিক গভৰ্ণৰ ভেলেণ্টিন ৰেজননিচেংকোৱে ছ’চিয়েল মিডিয়াত অভিযোগ কৰে যে ৰাছিয়াই অঞ্চলটোত মুঠ ৮০ টা ৰকেট আক্ৰমণ চলাইছে। তেওঁ স্থানীয় বাসিন্দাসকল সতৰ্ক কৰি দিছে। সকলোৱে চাইৰেন শুনিবলৈ পোৱাৰ লগে লগে ঘৰত প্ৰৱেশ কৰিবলৈ তেওঁ অনুৰুধ জনাইছে। ৰেজনিচেংকোৱে লগতে লিখিছে, ” সেই নিশা এটা ভয়ংকৰ নিশা আছিল।মই সকলোকে অনুৰোধ জনাইছো, ৰাছিয়াৰ পৰা নিজকে বচাওক। মাৰ্গাৰেটচ চহৰত সৰ্বাধিক সংখ্যক হতাহত হৈছে। চহৰখন জাপোৰিজিয়া পাৰমাণৱিক প্ৰকল্পৰ ওচৰতে আছে। ৰাছিয়াৰ ৰকেট বোম প্ৰক্ষেপৰ ফলত এটাৰ পিছত এটা অঞ্চল অন্ধকাৰত ডুব গৈছিল। বিদ্যুৎ যোগান বন্ধ কৰা হৈছে।
জি-৭ গোটৰ দেশসমূহে ৰাছিয়াৰ আক্ৰমণক গৰিহণা দি কৈছে যে “পাৰমাণৱিক প্ৰকল্পটোত ইউক্ৰেইনৰ শ্ৰমিকসকলক সুৰক্ষিতভাৱে কাম কৰিবলৈ অনুমতি দিয়া উচিত”। পাৰমাণৱিক প্ৰকল্পটো ৰাছিয়াৰ হাতত পৰাৰ বাবে দেশখনৰ অৱস্থা আৰু বিপদজনক হৈ পৰিছে। ”
ৰাছিয়াই পিছে এই অভিযোগ অস্বীকাৰ কৰি কয় যে ইউক্ৰেইনে তেওঁলোকক আক্ৰমণ কৰি আছে। পিছে পাৰমাণৱিক প্ৰকল্পটোত কৰ্মীসকলে কৈছিল যে কিছুদিন পূৰ্বেই ৰাছিয়াৰ শ্ৰমিকসকলে অঞ্চলটোৰ পৰা পলায়ন কৰিছিল। গতিকে তেওঁলোকে আগতেই মিছাইল আক্ৰমণৰ খবৰ পাইছিল।
ইফালে, ৰাছিয়াই বৃহস্পতিবাৰে কাজাখস্তানৰ পৰা ইৰাণৰ এটা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছে। সন্দেহ কৰা হৈছে যে ইউক্ৰেইনক নিৰীক্ষণৰ বাবে মস্কোৱে ইয়াক ব্যৱহাৰ কৰিব। বৈইকানুৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা খৈয়াম নামৰ এটা কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হৈছে। ইৰানে অৱশ্যে দাবী কৰিছে যে এই কৃত্ৰিম উপগ্ৰহৰ ওপৰত ৰাছিয়াৰ কোনো নিয়ন্ত্ৰণ নাথাকিব। অৱশ্যে, মস্কোৱে তেহৰাণক কৈছে যে এই কৃত্ৰিম উপগ্ৰহ কেইমাহ মানৰ বাবে সামৰিক বাহিনীত ব্যৱহাৰ কৰিব। উপগ্ৰহটোৰ নাম পাৰ্চী কবি আৰু গণিতজ্ঞ ওমৰ খায়ামৰ নামেৰে ৰখা হৈছে। ইয়াক ৰাছিয়াই নিৰ্মাণ কৰিছিল। ইয়াত অত্যাধুনিক কেমেৰা স্থাপন কৰা হৈছে। তেহৰানে এই উপগ্ৰহটোক ইজৰাইলৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আৰু পশ্চিম এছিয়াৰ দেশসমূহ নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰিব। ”
কিন্তু বহুলোকে ৰাছিয়া-ইৰাণৰ ঘনিষ্ঠতাক সন্দেহৰ চকুৰে চায়। কিন্তু শেহতীয়া পৰিস্থিতিত, ৰাছিয়াই দাবী কৰিছে যে যদি তেওঁলোকৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱা নহ’লে, ২০২৫ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক ছেদ কৰিব।