নিউজ ডেস্কঃ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী তথা জনপ্ৰিয় অভিনেতা প্ৰয়াত দিলীপ কুমাৰৰ পত্নী ছায়েৰা বানু শাৰীৰিক ভাৱে অসুস্থ। যোৱা সপ্তাহৰ পৰাই মুম্বাইৰ হিন্দুজা হস্পিতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী।

৭জুলাইত তেখেতৰ স্বামী দিলীপ কুমাৰৰ মৃত্যুৰ পিছৰ পৰাই অভিনেত্ৰীগৰাকীৰ স্বাস্থ্য যথেষ্ঠ অৱনতি ঘটিছিল।

  শ্বাস-প্ৰশ্বাসত কষ্ট, উচ্চ ৰক্তচাপত ভুগি শাৰীৰিক ভাৱে অসুস্থ অভিনেত্ৰী গৰাকীক ২৪ আগষ্টত হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকে পৰীক্ষা কৰি তেওঁ হতাশাগ্ৰস্থ ৰোগৰ লগতে কৰোনেৰী চিণ্ড্ৰোমত আক্ৰান্ত হোৱা বুলি জনায়।

লগতে পঢ়কঃপেৰালিম্পিকত অৱনীৰ দ্বিতীয়টো পদক প্ৰবীন কুমাৰৰ হাইজাম্পত ৰূপ

চিকিৎসকে শ্বায়েৰা বানুক এঞ্জিওগ্ৰাফী কৰিবলৈ পৰামৰ্শ দিছিল কিন্তু অভিনেত্ৰীগৰাকীয়ে সেই পৰীক্ষাটো কৰিবলৈ অস্বীকাৰ কৰে।

এঞ্জিওগ্ৰাফীয়ে হৃদযন্ত্ৰৰ সকলো সমস্যা চিনাক্ত কৰিব পাৰে। বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীৰ হৃদযন্ত্ৰৰ পৰীক্ষা কৰা হৈছিল আৰু তেওঁৰ শৰীৰত কৰোনেৰী চিণ্ড্ৰোম ৰোগ ধৰা পৰে। তেওঁ পৰীক্ষা কৰিবলৈ অনুমতি দিয়াৰ লগে লগে এঞ্জিওগ্ৰাফী কৰা হ’ব বুলি উল্লেখ কৰে হিন্দুজা হস্পিতালৰ চিকিৎসকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply