নিউজ ডেস্কঃ বালিৰ ধুমুহাই বিধ্বস্ত কৰিছে ছৌদি আৰবৰ ৰাজধানী ৰিয়াদ। বুধবাৰে ধূলিৰ ধুমুহাৰ ফলত অসুস্থ হৈ পৰিছে হাজাৰ হাজাৰ লোক। স্বাস-প্ৰশ্বাস লোৱাত কষ্ট হোৱাত কমেও ১২৭৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰিয়াদ চহৰৰ বিদ্যালয়-মহাবিদ্যালয় সমূহো বন্ধ ঘোষণা কৰিছে।
ৰিয়াদত কৰ্মৰত পাকিস্তানৰ এগৰাকী নাগৰিকে কয় যে এইদৰে কেতিয়াবা বালিৰ ডাঠ তৰপে মক্কা আৰু মদিনাকো এদিন ঢাকি পেলাব।
এই বৰ্ষত পশ্চিম এছিয়াৰ কেইবাখনো দেশত বালিৰ ধুমুহাই ক্ষতিগ্ৰস্ত কৰিছে। ইৰাক, ইৰাণ, জৰ্ডান আদি দেশো ইতিমধ্যে বালিৰ ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে। এপ্ৰিল মাহৰ মাজভাগৰ পৰা ইৰাকত কমেও ৮বাৰ বালিৰ ধুমুহা হৈছে। জলবায়ু পৰিৱৰ্তন,প্ৰচণ্ড খৰাং আৰু কম বৰষুণৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰে। বাগদাদত সোমবাৰে বালিৰ ধুমুহাৰ ফলত উশাহ-নিশাহ লোৱাত কষ্ট হোৱাত কমেও ৪ হাজাৰ লোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল।
ইৰাণতো একেই পৰিস্থিতি। মঙলবাৰে ইৰাণত চৰকাৰী কাৰ্যালয়,বিদ্যালয়সমূহো বন্ধ কৰি দিয়া হৈছে। তেহৰাণৰ তথ্য অনুসৰি প্ৰতি ঘনমিটাৰত ১৮৩ মাইক্ৰ’গ্ৰাম বালি বতাহত ওপঙি আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বতাহত ধূলি থকাৰ সৰ্বোচ্চ সীমা প্ৰতি ঘনমিটাৰত ২৫ মাইক্ৰ’গ্ৰাম। যিটো সৰ্বোচ্চ সীমাতকৈ ৬ গুণ বেছি।
বালি ধুমুহাৰ বাবে সোমবাৰে কুৱেইটত বিমান সেৱা বন্ধ কৰিবলগীয়া হৈছিল। আনকি দেশৰ তিনিটা সাগৰীয় বন্দৰো স্তব্ধ হৈ পৰিছে।
পশ্চিম এছিয়াত শেহতীয়াকৈ ঘনাই হ’বলৈ ধৰিছে বালিৰ ধুমুহা। বনাঞ্চল ধ্বংস,নদীৰ পানীৰ অনিয়ন্ত্ৰিত ব্যৱহাৰ, নৈৰ গতিপথ বন্ধ কৰি কৃত্ৰিম জলাশয় সৃষ্টি কৰাৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তনেই ইয়াৰ প্ৰধান কাৰক বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।
লগতে পঢ়কঃগৰু পোৱালিৰ সৈতে ‘যৌন ক্ৰিয়া’ত লিপ্ত অসমৰ যুৱকক গ্ৰেপ্তাৰ