নিউজ ডেস্কঃ পশ্চিমবংগৰ বিশিষ্ট গায়িকা সন্ধ্যা মুখাৰ্জী আৰু নাই। কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত মঙলবাৰে সন্ধিয়া সময়ত এইগৰাকী বিশিষ্ট গায়িকাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ। জানিব পৰা মতে, হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত কন্ঠশিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱায়। উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰ ফালে সন্ধ্যা মুখাৰ্জী আক্ৰান্ত হৈছিল কোৰোনাত।
কোৰোনাত আক্ৰান্ত হোৱাৰ পাছতে তেওঁক কলকাতাৰ এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয়। আৰু চিকিৎসকে জনাই যে, তেওঁ জটিল হৃদৰোগত আক্ৰান্ত হৈ আছে। ইফালে, মঙলবাৰে দিনৰ ভাগত তেওঁৰ স্বাস্থ্য অধিক অৱনতি হোৱাৰ পাছতে হাস্পতাললৈ নিয়া হয় যদিও সন্ধিয়া সময়ত হৃদযন্ত্ৰ কাম নিদিয়াৰ ফলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। প্ৰায় ৭ দশক জোৰা তেওঁৰ কেৰিয়াৰত বহু কেইখন বাংলা চিনেমাত গীত গাইছিল। ইয়াৰোপৰি তেওঁ বলিউডৰ হিন্দী ছবিৰ গীততো কন্ঠদান কৰিছিল।
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশিষ্ট গায়িকাগৰাকীৰ মৃত্যুত শোক ব্যক্ত কৰি তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ টুইটাৰত লিখিছে- ‘সন্ধ্যা মুখাৰ্জীৰ মৃত্যুৰ খবৰটো পাই মই বহু দুখিত। তেওঁৰ মধুৰ গীতবোৰে নৱপ্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি ৰাখিব।’ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে মুখাৰ্জীৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বিশিষ্ট কন্ঠশিল্পীগৰাকীৰ মৃত্যুত কৰিছে শোক প্ৰকাশ।