নিউজ ডেস্কঃ দেশৰ আগশৰীৰৰ শিক্ষা প্ৰতিষ্ঠানে ১০০%  প্লেচমেণ্টৰ কৃতিত্ব স্থাপন কৰিছে সন্দীপ বিশ্ববিদ্যালয়৷ বিগত তিনিটা বছৰ ধৰি বিশ্ববিদ্যালয়খনে এই সফলতা লাভ কৰিছে৷ 

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ নাছিক আৰু বিহাৰৰ চিজৌলত অৱস্থিত সন্দীপ বিশ্ববিদ্যালয় হৈছে ইউজিচি স্বীকৃত দেশৰ আগশাৰীৰ অন্যতম শিক্ষানুষ্ঠান৷ বিশ্ববিদ্যালয়খন চিজৌলৰ ৭৫ একৰ জুৰি আৰু নাছিকৰ ২৫০একৰ জুৰি বিস্তৃত সেউজীয়া চৌহদত স্থাপন কৰা হৈছে৷ 

সন্দীপ বিশ্ববিদ্যালয়ে অভিযান্ত্ৰিক, কম্পিউটাৰ বিজ্ঞান, আইন, ব্যৱস্থাপনা, বিজ্ঞান, ব্যৱহাৰকাৰী অভিজ্ঞতা ডিজাইন, ফাৰ্মাচিউটিকেল বিজ্ঞান, ফেশ্বন ডিজাইন, সৌন্দৰ্য কস্মেটোলজী আৰু আভ্যন্তৰীণ ডিজাইনত বিভিন্ন উদ্যোগ-প্ৰাসঙ্গিক স্নাতক, স্নাতকোত্তৰ, পিএইচডি, ডিপ্লোমা আৰু আংশিক সময়ৰ কাৰ্যসূচী আগবঢ়াই আহিছে৷ 

বিশ্ববিদ্যালয়ৰ সকলো পাঠ্যক্ৰমতে বিভিন্ন  Intershipৰ জৰিয়তে ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ সন্দীপ বিশ্ববিদ্যালয়ে শিক্ষা ব্যৱস্থাত পেছাদাৰী প্ৰতিভাৰ সৃষ্টি কৰা আৰু  ১০০%  প্লেচমেণ্ট দেশৰ লাখ লাখ শিক্ষাৰ্থীক উপকৃত কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply