নিউজ ডেস্ক: শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতক জৱহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)-ৰ উপচাৰ্য্যৰ দায়িত্ব অৰ্পন কৰা হয়। সোমবাৰে শিক্ষা মন্ত্ৰ্যালয়ে পণ্ডিতক উক্ত দায়িত্ব অৰ্পন কৰে।

উল্লেখযোগ্য যে উক্ত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত পণ্ডিত হ’বJNU-ৰ প্ৰথম গৰাকী মহিলা উপাচাৰ্য্য।

শান্তিশ্ৰী পণ্ডিত হৈছে মহাৰাষ্ট্ৰৰ সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ৰ Politics and Public Administration বিভাগৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক।

JNU-ৰ প্ৰাক্তন শিক্ষাৰ্থী ৫৯ বছৰীয়া পণ্ডিতে বিশ্ববিদ্যালয়খনৰ পৰা এম ফিল আৰু International Relations-ত পি এইচ ডি অৰ্জন কৰিছিল।

শিক্ষা মন্ত্ৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে ‘ৰাষ্ট্ৰপতি ৰামনাথ ক’ভিন্দে পণ্ডিতক JNU-ৰ উপাচাৰ্য্যৰ পদৰ বাবে নিযুক্তিত অনুমোদন জনায়। অহা ৫ বছৰৰ বাবে তেওঁ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যৰ দায়িত্বত থাকিব।’

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্যৰ দায়িত্বত থকা এম জগদীশ কুমাৰক যোৱা সপ্তাহত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰাৰ পিছতে পণ্ডিতৰ নিযুক্তি দিয়া হয়।

এক বিজ্ঞপ্তি যোগে কুমাৰে JNU-ৰ প্ৰথম গৰাকী মহিলা উপাচাৰ্য্য শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতক নিজৰ দায়িত্বভাৰ অৰ্পন কৰাৰ লগতে নতুন দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

লগতে পঢ়ক – ৰাজ্যত ১৫ ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব সকলো ক’ভিড নিষেধাজ্ঞা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply