নিউজ ডেস্ক: বিখ্যাত সন্তুৰ বাদক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ দেহাৱসান ঘটিছে। আজি পুৱা ৮৪ বছৰ বয়সত শাস্ত্ৰীয় সংগীতৰ বিশাৰদ গৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈ মৃ্ত্যুক সাবটি লয়।
জানিব পৰা মতে বিগত প্ৰায় ৬ মাহে কিডনি সংক্ৰান্তীয় সমস্যাত ভুগি আছিল, যাৰ ফলত তেওঁক ডায়েলাইচিছত ৰখা হৈছিল।
উল্লেখযোগ্য যে কাশ্মীৰৰ লোক বাদ্যযন্ত্ৰ সন্তুৰক জনপ্ৰিয় কৰি তোলাত পণ্ডিত শিৱকুমাৰৰ এক বিশেষ অৰিহণা আছে। পূৰ্বে এই বাদ্যযন্ত্ৰ বিধ কাশ্মীৰ উপত্যকাৰ বাহিৰত বিশেষভাৱে পৰিচিত নাছিল।
ভাৰতীয় ধ্ৰুপদী সংগীতৰ এই শিল্পী গৰাকীক ১৯৯১ চনত পদ্মশ্ৰী আৰু ২০০১ চনত পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছিল। তেওঁ কেইবাখনো হিন্দী চলচ্চিত্ৰত সংগীত পৰিচালনাও কৰিছিল।
পণ্ডিত শিৱ কুমাৰৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী টুইটাৰ যোগে শোক প্ৰকাশ কৰে।
লগতে পঢ়ক – শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপক্ষেৰ পদত্যাগ, অগ্নিসংযোগ বাসভৱনত