নিউজ ডেস্ক- আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত অহা ১৮ৰ পৰা ১৯ মে’লৈ নতুন দিল্লীত দুদিনীয়া ৰাষ্ট্ৰীয় আয়ুষ মিছন কনক্লেভৰ আয়োজন কৰিছে। কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জম্মু-কাশ্মীৰৰ প্ৰতিনিধিসহ উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশ, গোৱা, ঝাৰখণ্ড, উত্তৰকান্দ, অসম, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আদিৰ স্বাস্থ্য আৰু আয়ুষ মন্ত্ৰীসকলৰ উপস্থিতিত সন্মিলনখন উদ্বোধন কৰিব।

এই উন্মোচনী অধিৱেশনত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক আৰু আয়ুষৰ ৰাজ্যিক মন্ত্ৰী ড০ মুঞ্জপাৰা মহেন্দ্ৰভাইও আয়ুছ মন্ত্ৰালয়ৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকিব। 

এই দুদিনীয়া সন্মিলনত অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ বিষয় বিশেষজ্ঞসকলে ৰাষ্ট্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনত বাজেট শোষণৰ ক্ষেত্ৰত বৰ্ধিত দক্ষতা আৰু আঁচনিখনৰ ইম্প্ৰভাইজড এক্সিকিউশ্যনৰ বাবে প্ৰতিষ্ঠানিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিব।  যাৰ ফলত ঔষধৰ উন্নত যোগান সক্ষম হ’ব, সামৰ্থ্য বিকাশ আৰু আয়ুষ স্বাস্থ্য সুস্থতা কেন্দ্ৰৰ উন্নীতকৰণ, আয়ুষৰ শিক্ষা পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰি জনস্বাস্থ্য আৰু আয়ুষৰ জনস্বাস্থ্যসেৱাত গৱেষণা আৰু গুণগত নিশ্চয়তাৰ বাবে প্ৰযুক্তিগত সংহতি শক্তিশালী কৰা।    

ভাৰত চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনিৰ অংশ হিচাপে আয়ুষ স্বাস্থ্য সুস্থতা কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ দেশতে আয়ুষ স্বাস্থ্যসেৱাৰ উপলব্ধতা, সুলভতা, আৰু মান বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। ৰাষ্ট্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ নতুনকৈ প্ৰৱৰ্তন কৰা আয়ুষ জনস্বাস্থ্য কাৰ্যসূচীৰ উপৰিও আয়ুষ সেৱা আৰু আয়ুষ শিক্ষানুষ্ঠানৰ উপাদানসমূহো সন্নিবিষ্ট কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply