নিউজ ডেস্কঃ ৰাজস্থানৰ ছৰিস্কা টাইগাৰ ৰিজাৰ্ভত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডই ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে, জুই নিৰ্বাপনৰ বাবে ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে। যোৱা কিছু ঘন্টা ধৰি জুই নিৰ্বাচনৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে।
প্ৰথমে স্থানীয় প্ৰশাসনে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও এই চেষ্টাত ব্যৰ্থ হোৱাৰ পাছত ভাৰতীয় বায়ু সেনাৰ সহায় ল’বলগীয়া হয়। বাঘৰ লগতে বহু বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ আশংকা বৃদ্ধি পাই গৈ আছে প্ৰতিটো মুহূৰ্তত। এডিএম সুনীতা পংকজে কয় যে- বায়ু সেনাৰ দুখন হেলিকপ্টাৰেৰে জুই নিৰ্বাচনৰ চেষ্টা চলাই থকা হৈছে।
বাঘৰ বাবে বিখ্যাত এই ছৰিস্কা টাইগৰ ৰিজাৰ্ভত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে প্ৰশাসন, অগ্নিনিৰ্বাপক বাহিনী আৰু বায়ু সেনাই পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ। এই জুই ইতিমধ্যে অৰণ্যখনৰ বিশাল এলেকা এটাত বিয়পি পৰিছে। গতিকে জুই নিৰ্বাপন অতি শীঘ্ৰে নকৰিলে বহু বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ সম্ভাৱনাই দেখা দিছে।