নিউজ ডেস্কঃ চিংৰা হয়তো প্ৰায়লোকৰে প্ৰিয়। কিন্তু এতিয়াৰে পৰা চিংৰাৰ সোৱাদ লোৱাৰ আগতে এশবাৰ ভাবক। চৌদি আৰবৰ জেদ্দাহৰ এখন ৰেষ্টোৰেন্টত ৩০বছৰ ধৰি শৌচাগাৰতে প্ৰস্তত কৰি আহিছিল চিংৰা। কেৱল চিংৰাই নহয় অন্যান্য খাদ্যও তেওঁলোকে শৌচাগাৰতে প্ৰস্তুত কৰিছিল। এই খবৰ প্ৰশাসনে লাভ কৰাৰ লগে লগে তৎক্ষণাৎ ৰেষ্টুৰেন্টখন বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে।
লগতে পঢ়কঃকংগ্ৰেছক নেতৃত্ব দিব পৰা লোকৰ প্ৰয়োজনঃ প্ৰশান্ত কিশোৰ
এক গোপন সূত্ৰৰ ভিত্তিত জেদ্দাহ পৌৰসভা কৰ্তৃপক্ষই ৰেষ্টুৰেণ্টখনত অভিযান চলাইছিল। তেওঁলোকে ৰেষ্টুৰেণ্টখনত প্ৰৱেশ কৰাৰ লগে লগে এই বিষয়টো দৃষ্টিগোচৰ হয়। ৰেষ্টুৰেণ্টখনৰ খাদ্য সামগ্ৰী শৌচাগাৰৰ ভিতৰতে ৰন্ধা হৈছে।
চৌদি প্ৰশাসন সদায় পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত খুবেই কঠোৰ। শেহতীয়াকৈ, অপৰিষ্কাৰতাৰ অভিযোগত আন কেইবাখনো ৰেষ্টুৰেণ্ট বন্ধ কৰি দিছে। অপৰিচ্ছন্নতাকৈ ৰন্ধাৰ বাবে এখন ৰেষ্টুৰেন্টৰ প্ৰায় এক টনৰ খাদ্যয়ো জব্দ কৰিছে প্ৰশাসনে। কিছুদিন পূৰ্বে, নিগনি ৰখাৰ বাবে জেদ্দাহৰ এখন বিখ্যাত ৰেষ্টুৰেণ্ট বন্ধ কৰি দিয়া হৈছিল।