নিউজ ডেস্কঃ ভাৰতত দশম আৰু দ্বাদশ শ্ৰেণীৰ অফলাইন পৰীক্ষা প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত কৰা আৱেদনক লৈ শুনানি গ্ৰহণৰ বাবে সাজু হৈছে উচ্চতম ন্যায়ালয়। মুখ্য ন্যায়াধাশী এন বি ৰমনে কয় যে- ন্যায়াধীশ এ এম খানবিলাকৰ নেতৃত্বাধীন বিচাৰপীঠে এই আৱেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব।

এই আৱেদনত প্ৰতিখন ৰাজ্যৰ ব’ৰ্ড, চিবিএছই, আইচিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ অফলাইন পৰীক্ষাসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনোৱা হৈছে। আৱেদনখনত লগতে উল্লেখ কৰা হৈছে যে- কোভিডৰ বাবে অফলাইন ক্লাছ হোৱা নাই। গতিকে অফলাইন পৰীক্ষাসমূহৰ পৰিৱৰ্তে অনলাইন পৰীক্ষা অনুষ্ঠিত হ’ব লাগে।

অধিবক্তা আৰু শিশু অধিকাৰৰ কৰ্মী অনুভা সহায় শ্ৰীবাস্তৱে আৱেদনত দাবী জনাইছে যে, অফলাইন পৰীক্ষাৰ বিপৰীতে বিকল্প পথেৰে নম্বৰ মূল্যাংকন কৰি ফলাফল ঘোষণা কৰিব লাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply