নিউজ ডেস্কঃ পুনৰ ছা্ত্ৰীসকলৰ বাবে এক সুখবৰ। এতিয়াৰে পৰা নেচনেল ডিফেন্স একাডেমীত ছাত্ৰীয়েও ভৰ্তি হ’ব পাৰিব। ছাত্ৰীসকলৰ বাবে নেচনেল ডিফেন্স একাডেমীৰ দুৱাৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছে উচ্চতম ন্যায়ালয়ে।

৫ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰৱেশ পৰীক্ষাত বহিবলৈ ইতিমধ্যে অনুমতি দিছে আদালতে।

অৱশ্যে, এন ডি এত নামভৰ্তি হ’ব নে নহয় সেয়া আদালতৰ চূড়ান্ত ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিব।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু ন্যায়াধীশ ঋষিকেশ ৰয়ে অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিছিল। আবেদনখনত কোৱা হৈছিল যে মহিলাসকলক এন ডি এত যোগদানৰ পৰা আঁতৰাই ৰখাটোৱে সংবিধানৰ ১৪, ১৫, ১৬ আৰু ১৭ অনুচ্ছেদ উলংঘা কৰা বুজায়।

মহিলা প্ৰাৰ্থীসকলক লিংগৰ আধাৰত এন ডি এত প্ৰৱেশ কৰাৰ সুযোগৰ পৰা বঞ্চিত কৰা হৈছে।

কেন্দ্ৰই যুক্তি দিছিল যে চৰকাৰৰ নিযুক্তি নীতি বৈষম্যমূলক নহয় আৰু মহিলাসকলৰ বাবে আবেদন কৰাৰ বহুতো উপায় আছে। লগতে পঢ়কঃসৈনিক স্কুলত এতিয়াৰে পৰা শিক্ষাগ্ৰহণ কৰিব পাৰিব ছাত্ৰীয়েও

এন.ডি.এ. পৰীক্ষাৰ জৰিয়তে নিযুক্তি প্ৰাপ্ত পুৰুষসকলক  permanent commission মঞ্জুৰ কৰা হয়; অৱশ্যে, মহিলা প্ৰাৰ্থীসকলক তেওঁলোকৰ কেৰিয়াৰৰ পিছৰ পৰ্যায়ত  permanent commissionৰ বাবে বিবেচনা কৰাৰ আগতে Short Service Commission Officer হিচাপে নিয়োগ কৰা হয়।

বিগত বছৰ উচ্চতম ন্যায়ালয়ে কৈছিল যে ভাৰতীয় সেনাৰ মহিলা বিষয়াসকলে পুৰুষ সহকৰ্মীৰ সমতুল্য কমাণ্ডৰ পদ লাভ কৰিব পাৰিব।

আদালতে চৰকাৰৰ ৰক্ষণশীলতাৰ ওপৰত আধাৰিত “বৈষম্যমূলক” নীতি বোৰ নাকচ কৰি কয় যে মহিলা সকলকো তেওঁলোকৰ বৰ্ষৰ সেৱা নিৰ্বিশেষে permanent commission উপলব্ধ থাকিব।

ইফালে চৰকাৰে উচ্চতম ন্যায়ালয়ক কৈছিল যে ” গোটৰ কমাণ্ডত মহিলা বিষয়াসকলক গ্ৰহণ কৰিবলৈ সৈনিকসকলক এতিয়াও মানসিকভাৱে প্ৰশিক্ষণ দিয়া হোৱা নাই “।

আদালতে প্ৰত্যুত্তৰ দিয়ে যে লিংগ বৈষম্য দেশৰ কাৰণে এক অপমান। মহিলাসকলৰ শাৰীৰিক বৈশিষ্ট্যৰ সৈতে তেওঁলোকৰ অধিকাৰৰ কোনো সম্পৰ্ক নাই। মানসিকতা সলনি হোৱা উচিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply