নিউজ ডেস্কঃ মানসিক আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত এগৰাকী চাৰে সাত বছৰীয়া শিশুক অপহৰণ, ধৰ্ষণ আৰু হত্যা কৰাৰ অপৰাধত এজন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। ঘটনাটো সংঘটিত হৈছিল ২০১৩চনৰ ১৭জানুৱাৰীত ৰাজস্থানৰ ৰাজসামান্দ জিলাত। পিতৃ-মাতৃৰ সন্মুখতে এগৰাকী শিশুক অপহৰণ কৰি নিৰ্জন ঠাইলৈ লৈ গৈ ধৰ্ষণ কৰি নিৰ্মম ভাৱে হত্যা কৰিছিল এজন লোকে।
শুকুৰবাৰে ন্যায়াধীশ এ এম খানৱিলকৰ, ন্যায়াধীশ দীনেশ মহেশ্বৰী আৰু ন্যায়াধীশ চি টি ৰবিকুমাৰৰ তিনিজনীয়া বিচাৰপীঠে ৰাজস্থান উচ্চ ন্যায়ালয়ে ২০১৫ চনৰ ২৯ মে’ত মৃত্যুদণ্ড প্ৰদান কৰা নিৰ্দেশক সমৰ্থন কৰে।
বিচাৰপীঠে কোনো গোচৰত পৰিস্থিতিগত প্ৰমাণৰ ভিত্তিত মৃত্যুদণ্ড দিব নালাগে বুলি কোৱা যুক্তি নাকচ কৰি কয় যে এনে প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত হ’লে অপৰাধৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি চৰম শাস্তি প্ৰদান কৰিব পাৰি।
বিচাৰপীঠে কয় যে শাৰীৰিক আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত ভুক্তভোগীগৰাকীৰ মূৰটো থেতেলিয়াই পেলোৱা হৈছিল, যাৰ বাবে তেওঁৰ মূৰৰ আগফালৰ একাধিক হাড় ভাঙি গৈছিল। এই অপৰাধ অতি নিন্দনীয় আৰু শিহৰণকাৰী। গতিকে অভিযুক্তক মৃত্যুদণ্ড বিহাৰ বাহিৰে আন কোনো বিকল্প নাছিল৷