নিউজ ডেস্ক: উচ্চতম ন্যায়ালয়ে ফেক্ট-চেকিং ৱেবছাইট AltNews-ৰ সহ প্ৰতিষ্ঠাতা মহম্মদ জুবেইৰক ৫ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদ্ৰান কৰিছে। শুকুৰবাৰে ন্যায়ালয়ে জুবেইৰক তিনিজন হিন্দু ‘ধৰ্মগুৰু’ – য়তি নৰসিংহানন্দ সৰস্বতী, বজৰং মুনি আৰু আনন্দ স্বৰূপ –ক এটা টুইটত ‘Hate mongers’ বুলি অভিহিত কৰাৰ অভিযোগত উত্তৰ-প্ৰদেশ আৰক্ষীয়ে ৰুজু কৰা গোচৰটোত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

livelaw.in -ত প্ৰকাশ পোৱা মতে ন্যায়াধীশ ইণ্ডিৰা বেনাৰ্জী আৰু জে কে মহেস্বৰীৰ বিচাৰপীঠে সাংবাদিক গৰাকীক উক্ত জামি প্ৰদান কৰে, অৱশ্যে এই সময়ছোৱাত তেওঁ দিল্লী ন্যায়ালয়ৰ পৰিক্ষেত্ৰৰ বাহিৰত যাব নোৱাৰিব আৰু কোনোধৰণৰ টুইট দিয়াৰ পৰা বিৰত থাকিব লাগিব।

উল্লেখযোগ্য যে দিল্লী আদালতত তেওঁৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু হৈ আছে।

‘’আমি এই কথা অতি স্পষ্ট কৰি দিছো যে উক্ত (অন্তৱৰ্তীকালীন) জামিন ২০২২ চনৰ ১ জুনত সীতাপুৰ (উত্তৰ প্ৰদেশ)-ত ৰুজু হোৱা এজাহাৰৰ সংক্ৰান্ততহে প্ৰদান কৰা হৈছে, গোচৰীয়াৰ বিৰুদ্ধে থকা আন কোনো এজাহাৰত নহয়। গোচৰীয়াই বাংগালুৰ (তেওঁৰ বাসগৃহ) বা আন কোনো স্থানত ইলেক্ট্ৰনিক প্ৰমাণ অনিষ্ট কৰিব নোৱাৰিব,’’ জামিনৰ ৰায়ত কোৱা হয়।

উল্লেখযোগ্য যে মহম্মদ জুবেইৰক ২০১৮ চনত তেওঁ দিয়া এটা পুৰণি টুইটৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগ আনি দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত যোৱা জুন মাহত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

দিল্লী আৰক্ষীয়ে জুবেইৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩ (সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্যৰে ইচ্ছাকৃতভাৱে জনোৱা) আৰু ২৯৫A (ইচ্ছাকৃত আৰু বিদ্বেষপূৰ্ণ কাৰ্য্য, যিকোনো শ্ৰেণীৰ ধৰ্মীয় অনুভূতিক ক্ষুব্ধ কৰাৰ উদ্দেশ্যে কৰা) অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক – অসমৰ কাগজ কলৰ বাবে ব্যয় কৰা হ’ব ৮১০ কোটি টকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply