নিউজ ডেস্কঃ বুধবাৰে AltNews-ৰ সহ প্ৰতিষ্ঠাতা মহম্মদ জুবেইৰক উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ত জামিন আবেদন কৰিছিল মহম্মদ জুবেইৰে। সেই আবেদনক সঁহাৰি জনাই বুধবাৰে সন্ধিয়া ৬বজাত মহম্মদ জুবেইৰক মুকলি কৰাৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, সূৰ্যকান্ত আৰু এ এছ বোপান্নাই কৈছিল যে জুবেইৰক জামিনত মুক্তি দিয়া হ’ব। জুবেইৰে পাটিয়ালা হাউচ আদালতত মুখ্য মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ ওচৰত ২০,০০০ টকাৰ জামিনৰ পৰিমাণ জমা দিছে।
উল্লেখ্যে যে, প্ৰায় চাৰিবছৰৰ আগতে এটা টুইটত হিন্দী চিনেমাৰ স্ক্ৰীণশ্বট পোষ্ট কৰিছিল জুবেইৰে। এই টুইটটোৱে ধৰ্মীয় অনুভূতিক আঘাত হানাৰ অভিযোগত মহম্মদ জুৱেইৰক সীতাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ দুটা গোচৰত জামিন পাইছিল কিন্তু পিছত উত্তৰ প্ৰদেশত তেওঁৰ বিৰুদ্ধে আৰু কেইবাখনো এজাহাৰ দাখিল কৰা হৈছিল। মুঠতে, জুবেইৰক মুঠ ছয়খন এফআইআৰৰ বাবে কাৰাগাৰৰ পৰা মুকলি কৰা হোৱা নাছিল। জুবেইৰে এই সকলোবোৰ গোচৰ প্ৰত্যাহাৰৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে সোমবাৰে কৈছিল যে পৰৱৰ্তী শুনানিলৈকে জুবেইৰৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ ল’ব নোৱাৰিব। যদি তেওঁৰ বিৰুদ্ধে একেটা কাৰ্যৰ বাবে আন কোনো এজাহাৰ দাখিল কৰা হয় তেতিয়াও তেওঁক জামিনত মুক্তি দিয়া হ’ব।