নিউজ ডেস্ক: উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি দেশদ্ৰোহৰ গোচৰসমূহৰ সকলো বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত স্থগিতাদেশ জাৰি কৰে।
ন্যায়ালয়ে ঔপনিৱেশ কালৰ পৰা চলি অহা উক্ত আইনখন চৰকাৰে পুনৰ বিবেচনা নকৰা পৰ্যন্ত ইয়াৰ অধীনত নতুনকৈ কোনো গোচৰ ৰুজু নকৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়ে।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ অধ্যক্ষতাত বহা এখন বিচাৰপীঠে দেশদ্ৰোহৰ অভিযোগত বিচাৰাধীন হৈ থকা সকলো গোচৰ, আৱেদন আৰু বিচাৰ প্ৰক্ৰিয়াক স্থগিত অৱস্থাত (abeyance) ৰাখিবলৈ কয়।
ইয়াৰ পূৰ্বে, শুনানিৰ সময়ত কেন্দ্ৰ চৰকাৰে দেশদ্ৰোহৰ অভিযোগৰ ক্ষেত্ৰত এজাহাৰবিলাকৰ পঞ্জীয়ন পৰ্যবেক্ষন কৰাৰ বাবে আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ এগৰাকী বিষয়াক দায়িত্ব দিব পৰা যায় বুলি কৈছিল।
উল্লেখযোগ্য যে মঙলবাৰে, উক্ত বিচাৰপীঠে দেশদ্ৰোহৰ গোচৰত অভিযুক্তসকলৰ স্বাৰ্থত বিচাৰাধীন গোচৰসমূহ স্থগিত ৰাখিবলৈ আৰু ঔপনিৱেশিক কালৰ এই আইনখন চৰকাৰে পুনৰ বিবেচনা নকৰা পৰ্যন্ত নতুনকৈ গোচৰ ৰুজু নকৰা বিষয়টোত কেন্দ্ৰক ২৪ ঘণ্টাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছিল।
লগতে পঢ়ক – ছাত্ৰ-ছাত্ৰীৰ বাবে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ৫ কোটি টকাৰ জলপানি