নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ মুজাফাৰপুৰৰ জনপদত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বিদ্যালয়ৰ বাছৰ মাজত সংঘটিত হয় মুখামুখী সংঘৰ্ষ। এই দুৰ্ঘটনাত মৃত্যু হয় দুজন ভগ্নী-ভাতৃৰ। এই দুৰ্ঘটনাৰ পাছতে জিডি গ’য়িংকা বিদ্যালয়ৰ কৰ্তৃপক্ষই স্কুল বাছখনৰ চালকজনৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ।
জানিব পৰা মতে, মুজাফাৰপুৰত ঘন কুঁৱলীৰ বাবে ৰবিন্দ্ৰনাথ ৱৰ্ল্ড স্কুল আৰু জিডি গ’য়িংকা বিদ্যালয়ৰ বাছ দুখন মুখামুখী সংঘৰ্ষ সংঘটিত হয়। এই দুৰ্ঘটনাৰ ফলতমহা আখতাৰ (৭) আৰু সমীৰ আখতাৰ (১৫) নামৰ ভগ্নী-ভাতৃ তথা ছাত্ৰ-ছাত্ৰী দুজনৰ মৃত্যু হয়।
তদুপৰি আন ৫জন ছাত্ৰ-ছাত্ৰী এই দুৰ্ঘটনাত আহত হৈছে বুলি জানিব পৰা গৈছে। ছাত্ৰ-ছাত্ৰী দুজনৰ মৃত্যুৰ পাছত এতিয়া সমগ্ৰ এলেকাটোতে শোকৰ ছাঁ পৰিছে।