নিউজ ডেস্কঃ বৈজ্ঞানিকৰ এটা দলে আৱিষ্কাৰ কৰিছে আন এখন বিশাল মহাসাগৰ। কিন্তু এই মহাসাগৰখন পৃথিৱীৰ ভূপৃষ্ঠৰ ওপৰত নহয়, ভিতৰতহে আৱিষ্কাৰ কৰা হৈছে।
আমি সকলোৱে জানো যে- পৃথিৱীৰ ভূপৃষ্ঠৰ ওপৰত আছে প্ৰশাসন্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। কিন্তু এতিয়াৰ পৰা আৰু এখন মহাসাগৰৰ কথা আমি জানিব পাৰিলো এই বৈজ্ঞানিক কেইগৰাকীৰ আৱিষ্কাৰৰ ফলত।
বৈজ্ঞানিক কেইগৰাকীৰ গৱেষণাই প্ৰকাশ কৰিছে যে- পৃথিৱীৰ কেন্দ্ৰ আৰু মেন্টেলৰ মাজত এই মহাসাগৰৰ পানী পোৱা গৈছে। ভূপৃষ্ঠৰ পৰা প্ৰায় ৬৬০ কিলোমিটাৰ তলত থকা এই মহাসাগৰ আৱিষ্কাৰ কৰে।
পৃথিৱীৰ ভিতৰত থকা এই ক্ষেত্ৰত থকা আগ্নেয়গিৰিৰ লাভা পৃথিৱীৰ ভূপৃষ্ঠলৈ ওলাই আহে। মেন্টেলৰ পৰা পৃথিৱীৰ ভূপৃষ্ঠলৈ আগ্নেয়গিৰিৰ লাভা স্তম্ভ সদৃশ পথৰ মাজেৰে ওলাই আহে। আৰু এই স্তম্ভ সদৃশ গাঁথনিটোক মেন্টেল প্লাম বুলি কোৱা হয়।
উল্লেখ্য যে, বিজ্ঞানীসকলে দাবী কৰিছে যে এই মহাসাগৰত থাকিব পৰা পানীৰ পৰিমাণ পৃথিৱীৰ ভূপৃষ্ঠত অৱস্থিত যিকোনো মহাসাগৰতকৈ বেছি। ফলস্বৰূপে ইয়াক মহাসাগৰ বুলি ভাবিবলৈ পৰ্যাপ্ত যুক্তি আছে।