নিউজ ডেস্ক : দেশত আজি দ্বিতীয় দিনাও তিনি লাখ অতিক্ৰম কৰিলে কভিড আক্রান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত দেশত ৩ লাখ ৩২ হাজাৰ ৭৩০ জন লোক নতুনকৈ কভিডত আক্রান্ত হয়। কভিডত আক্ৰান্ত হৈ যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ২,২৬৩ জন লোক। বর্তমানলৈকে কভিডত আক্রান্ত হৈ দেশত মৃত্যু ঘটিছে ১ লাখ ৮৬ হাজাৰ ৯২০ জন লোকৰ।
দেশত অনিয়ন্ত্ৰিত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌ। দেশৰ কেইবাখনো ৰাজ্য এতিয়া ভয়াবহভাৱে কভিডৰ কবলত পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ দেশৰ ৰাজধানী দিল্লী আৰু দেশৰ বণিজ্যিক ৰাজ্য মহাৰাষ্ট্ৰৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। এই দুখন ৰাজ্যত কভিড আক্রান্ত আৰু মৃতকৰ সংখ্যা সৰ্বাধিক। দিল্লীত ইতিমধ্যে লকডাউন চলি আছে যদিও কভিডে অব্যাহত ৰাখিছে নিজৰ তাণ্ডৱ। মহাৰাষ্ট্ৰৰ পৰিৱেশ একে।
দেশজুৰি কভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে দেশৰ বাবে এক বেয়া খবৰ। কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ তথ্যই চকু কপালত তুলিছে দেশবাসীৰ। স্বাস্থ্য বিভাগৰ তথ্য মতে ভাৰতত কভিড মহামাৰীৰ সংক্ৰমণে আজি দ্বিতীয় দিনাও তিনি লাখ অতিক্ৰম কৰি সকলো অভিলেখ ভংগ কৰিছে। বৃহস্পতিবাৰে ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যাত ভাৰতে আমেৰিকাক পিছ পেলাই নতুন অভিলেখ গঢ়িছিল। বৃহস্পতিবাৰে ২৪ ঘণ্টাত ভাৰতত কভিডত আক্ৰান্ত হৈছিল ৩,১৪,৮৩৫ জন লোক।
আজি পুনৰ দ্বিতীয় দিনা যোৱা ২৪ ঘণ্টাত ভাৰতত কভিডত আক্রান্তৰ হৈছে ৩ লাখ ৩২ হাজাৰ ৭৩০ জন লোক। উল্লেখ্য যে যোৱা জানুৱাৰী মাহৰ ৪ তাৰিখে আমেৰিকাত ২৪ ঘণ্টাত আক্রান্ত হৈছিল ৩ লাখ ৭ হাজাৰ লোক। ইফালে ভাৰতত দুদিন ধৰি ধাৰাবাহিকভাৱে কভিড আক্রান্তৰ সংখ্যাই তিনি লাখ অতিক্ৰম কৰিলে। যোৱা ২৪ ঘণ্টাত কভিডত আক্রান্ত হৈ ভাৰতত মৃত্যুৰ মুখত পৰিছে ২,২৬৩ জন লোক।
বর্তমানলৈকে ভাৰতত কভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে ১ লাখ ৮৬ হাজাৰ ৯২০ জন লোকৰ। দেশত মুঠ কভিড আক্রান্তৰ সংখ্যা হৈছে ১ কোটি ৬২ লাখ ৬৩ হাজাৰ ৬৯৫। বৰ্তমান দেশত কভিডত আক্রান্ত হৈ আছে মুঠ ২৪ লাখ ২৮ হাজাৰ ৬১৬ জন লোক।