নিউজ ডেস্কঃ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী হৰ্ষবধনে ইষ্টাৰ্ণ নাগালেণ্ডৰ মন জিলাত ৰাজ্যখনৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ।
মন্ত্ৰীগৰাকীয়ে ডিমাপুৰৰ চাৰি মাইলত থকা খ্ৰীষ্টান ইনষ্টিটিউট অফ মেডিকেল ছাইন্স এণ্ড ৰিছাৰ্জত থকা ৰেডিঅ থিৰাপি চেণ্টাৰ আৰু নাৰ্ছিং স্কুল পৰিদৰ্শন কৰে । চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবধনে কয় যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন ক্ষেত্ৰত বিশেষ মনোনিবেশ কৰিছে ।
কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন আঁচনি ৰূপায়নত উত্তৰ পূৰ্বাঞ্চলক অধিক গুৰুত্ব দিয়া হৈছে । মন জিলাৰ ৰাইজে দীৰ্ঘ দিনৰ পৰাই স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আহিছে । এই মেডিকেল কলেজ স্থাপনৰ জৰিয়তে অঞ্চলটোৰ ৰাইজক উপকৃত কৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply