সোণাৰি: দেশৰ চাহ উদ্যোগৰ ৫০ শতাংশ উৎপাদন হয় অসমত। দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ ভিতৰত অসমৰ চাহে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।
কিন্তু অসমৰ কেঁচাপাতৰ নিম্নগামী মূল্যই চিন্তিত কৰি তুলিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক। তেনে সময়তে অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ডত চাহ খেতিৰ সম্ভাৱনীয়তাৰ দিশটোলৈ লক্ষ্য ৰাখি পাহাৰীয়া ৰাজ্য খনত গঢ় লৈ উঠিছে চাহ উদ্যোগে।
এই ক্ষেত্ৰত নগালেণ্ডত ব্যৱসায় কৰা অসমৰ ব্যৱসায়ীসকলেও অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। আজি নগালেণ্ডৰ মন জিলাৰ টিজিতত চাহপাতৰ এটা কলঘৰ মুকলি কৰি চাহ উদ্যোগৰ সম্ভাৱনীয়তাক অধিক দৃঢ় কৰি তুলিলে নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৱে।

উল্লেখ্য যে মন জিলাৰ টিজিত মহকুমাৰ অন্তৰ্গত চাংচা বস্তিত আজি এটা চাহপাত কলঘৰ মুকলি কৰা হয়। বিগত বিছ বছৰে নগালেণ্ডত ব্যৱসায় অব্যাহত ৰখা সোণাৰিৰ অসমীয়া ব্যৱসায়ী ৰাজীৱ ঘোষে নগালেণ্ডৰ টিজিত বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যখনৰ পৰিবহন মন্ত্ৰী পায়ৱাং কন্যাকৰ সহযোগত স্থাপন কৰা ‘লাংটু টী ইণ্ডাষ্ট্ৰী’ নামৰ চাহপাতৰ কলঘৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে নগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে প্ৰাৰম্ভিক পৰ্যায়ত ৭০ হাজাৰ কিলোগ্ৰাম চাহপাত উৎপাদনৰ লক্ষ্য আগত ৰখা চাহ উদ্যোগটোৰ জৰিয়তে ঠাইখনৰ যথেষ্ট সংখ্যক লোকে সংস্থাপনৰ সুযোগ লাভ কৰিব বুলি আশা কৰিছে।