নিউজ ডেস্ক : ক’ভিডক লৈ ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগত বৃস্পতিবাৰে লক্ষদ্বীপ আৰক্ষীয়ে আয়েশা ছুলতানা নামৰ অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰে। বিজেপিৰ এগৰাকী নেতাই দিয়া এজাহাৰৰ ভিত্তিত অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হয়।
অভিনেত্ৰী গৰাকীয়ে এটা টি ভি টক শ্ব’ত ক’ভিডক লৈ কৰা এক মন্তব্যৰ ভিত্তিত লক্ষদ্বীপ বিজেপিৰ সভাপতি আব্দুল খাদেৰে উক্ত এজাহাৰ দাখিল কৰে।
উক্ত এজাহাৰৰ ভিত্তিত লক্ষদ্বীপৰ আৰক্ষীয়ে অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪ এ (ৰাষ্ট্ৰদ্ৰোহ) আৰু ১৫৩ বি (ঘৃণাসূচক মন্তব্য) আধাৰত এটা গোচৰ ৰুজু কৰা হয়।
বুধবাৰে দিয়া এজাহাৰখনত বিজেপি নেতা গৰাকীয়ে উল্লেখ কৰা মতে অভিনেত্ৰী গৰাকীয়ে এটা মালায়ালম টি ভি চেনেলৰ এক টক শ্ব’ত কেন্দ্ৰীয় চৰকাৰে বায়’লজিকেল অস্ত্ৰ সহায়ত লক্ষদ্বীপত ক’ভিড ১৯ বিয়পাইছে।
লগতে পঢ়ক : বিখ্যাত লেখক হ’ব খুজিছে? প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছে এখন বিশেষ আঁচনি
উক্ত মন্তব্যৰ বাবে অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত লক্ষদ্বীপত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। লক্ষদ্বীপতস্থিত এগৰাকী মডেল তথা অভিনেত্ৰী আয়েশা ছুলতানাই কেইবাখনো মালায়ালম চিনেমাত অভিনয় কৰিছে।
উল্লেখযোগ্য যে বিজেপি চৰকাৰে শেহতীয়াভাৱে লক্ষদ্বীপত কেতবোৰ নতুন সংশোধন নীতি বলৱৎ কৰিবলৈ লোৱাৰ পৰা দ্বীপটোত বিভিন্ন বিৰোধী ৰাজনৈতিক দল প্ৰতিবাদত নামি পৰিছে।