চেলাপাছঃ শ্বিলঙৰ লগতে অৰুণাচল প্ৰদেশৰ চেলাপাছত শুকুলা বৰফৰ আচ্ছাদন ৷

প্ৰচণ্ড তুষাৰপাতৰ ফলত ৰাজ্যখনৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হ’লেও আগমন ঘটিছে পৰ্যটকৰ ৷

ছুইজাৰলেণ্ড, ইউৰোপলৈ নগৈ নিচেই সমীপৰে পৰা এবাৰ বৰফৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা পৰ্যটকসকলক আদৰিছে ভাৰতীয় সেনাৰ লগতে ব’ৰ্ডাৰ ৰ’ডছ বাহিনীয়ে ৷

লগতে পঢ়কঃঅস্ত্ৰ ত্যাগ কৰিলে ডি এন এল এ’ৰ ৬৭ জন কেডাৰে

সাগৰপৃষ্ঠৰ পৰা ১৩,৭০০ ফুট উচ্চতাৰ চেলাপাছক মাথো শুকুলা চাদৰে ঢাকি ৰাখিছে আৱৰি ৷ কিন্তু বিগত এসপ্তাহৰ পৰা পৰ্যটকসকলেও তুষাৰপাতৰ মাত্ৰা বৃদ্ধি পোৱাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷

মুঠৰ ওপৰত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চৌদিশে এতিয়া মাঁথো দেখা গৈছে বৰফ আৰু বৰফ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply