নিউজ ডেস্কঃ দিল্লীৰ ৰোহিনী জিলা আৰক্ষীৰ চাইবাৰ চেলৰ জালত পৰিছে স্কুল আৰু বিশ্ববিদ্যালয়ৰ ভুৱা প্ৰমাণপত্ৰ বিক্ৰী কৰা এটা দালাল চক্ৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই চক্ৰটোৰ সদস্য কেইজনে ফেচবুক একাউন্টত নিজৰ বিজ্ঞাপন প্ৰকাশ কৰি বহু লোকক ঠগ-প্ৰবঞ্চনা কৰি আহিছিল। লগতে জব্দ কৰা হৈছে ৬৫খন ভুৱা মাৰ্কশ্বিট।

ৰোহিনীৰ ডিএছপি প্ৰণৱ টায়লে এই সন্দৰ্ভত কয় যে- ‘১৫ এপ্ৰিল তাৰিখে অনলাইন চাইবাৰ প্ৰবঞ্চনা সম্পৰ্কীয় এক গোচৰ আমি লাভ কৰিছিলো। গোচৰ দাখিল কৰা দীপক কুমাৰে যমুনা আইএএছ অনুষ্ঠানটোৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি সম্পৰ্কত এক অনলাইন বিজ্ঞাপন লাভ কৰিছিল। আৰু বিজ্ঞাপনত উল্লেখ কৰা ঠিকনাত উপস্থিত হৈ দীপক কুমাৰে এই চক্ৰটোৰ সদস্যক লগ পায়।

অভিযুক্ত ব্যক্তিগৰাকীয়ে দীপক কুমাৰ আশ্বাস দিয়ে যে বিএছএমএচ পাঠ্যক্ৰমত তেওঁৰ নামভৰ্তি কৰোৱা হ’ব। আৰু লগতে ৩.৫ লাখ টকাৰ বিচাৰে। তাৰপাছত দীপক কুমাৰে অভিযুক্ত ব্যক্তিজনৰ বেংক একাউন্টত আঢ়ৈ লাখ টকা ট্ৰান্সফাৰ কৰে।

কিন্তু ধন লাভ কৰাৰ ৬ মাহ পাৰ হোৱাৰ পাছতো দীপক কুমাৰৰ নাম পঞ্জীয়ন কৰোৱাত অসমৰ্থ হয় এই অভিযুক্তজন। তাৰপাছত দীপক কুমাৰে অভিযুক্তজনক ফোনত যোগাযোগৰ চেষ্টা চলাই যদিও ফোনটো চুইচ অফ কৰি ৰখা হয়। আৰু অৱশেষত উপায়হীন হৈ তেওঁ আৰক্ষীৰ কাষ চাপে।

গোচৰটো লাভ কৰাৰ পাছতে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। আৰু অৱশেষত এই চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বৰ্তমানো এই চক্ৰটোৰ সৈতে জড়িত আন কেইগৰাকী ব্যক্তি সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply