নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ আহ্বান জনাইছে। মাত্ৰ ১০ দিনৰ ভিতৰত, ভাৰতীয় ডাক বিভাগে এক কোটিতকৈও অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰিছে। অনলাইন আৰু ১.৫ লাখ ডাকঘৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা সমূহ বিক্ৰী কৰা হৈছে।

এক বিবৃতিত যোগাযোগ মন্ত্ৰণালয়ে কয়, “মাত্ৰ ১০ দিনৰ ভিতৰত ভাৰতীয় ডাক বিভাগে এক কোটিতকৈও অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰিছে। ডাকঘৰ আৰু অনলাইনৰ জৰিয়তে পতাকা বোৰ বিক্ৰী কৰা হৈছে। ডাক বিভাগে প্ৰতিখন ৰাষ্ট্ৰীয় পতাকা ২৫টকাকৈ বিক্ৰী কৰিছে। ১৫ আগষ্টলৈকে ডাকঘৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকাৰ বিক্ৰী অব্যাহত থাকিব। অনলাইনৰ যোগেদি ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ডেলিভাৰী মূল্য পৰিশোধ কৰিব নালাগে।”

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ নামৰ ৰেডিঅ’ অনুষ্ঠানটোৰ জৰিয়তে ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ প্ৰচাৰৰ বাবে আহ্বান জনাইছে। তেওঁ কয়, “আজাদী কি অমৃত মহোৎসৱ অনুষ্ঠানৰ অধীনত এক বিশেষ আন্দোলন চলি আছে– হৰ ঘৰ ত্ৰিৰংগা।এই আন্দোলনক আগুৱাই নিয়াৰ বাবে প্ৰত্যেক ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা উচিত। “

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ছ’চিয়েল মিডিয়াত সকলোৰে প্ৰ’ফাইল ফটো ত্ৰিৰংগা ৰাখিবলৈ অনুৰুধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply