পেৰিছ ছেইণ্ট জাৰ্মেইনৰ আৰু ৰিয়েল মাদ্ৰিদৰ প্ৰাক্তন ডিফেণ্ডাৰ চাৰ্জিঅ’ ৰামোছে ল’লে আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ।

সকলোৰে পৰিচিত চাৰ্জিঅ’ ৰামোছ আছিল আক্ৰমণাত্মক শৈলীৰে প্ৰতিপক্ষৰ দিশে বিজুলী বেগেৰে আগুৱাই অহা গৰিষ্ঠসংখ্যক ফুটবলাৰৰ বাবেই এক সন্ত্ৰাস। ৰামোছৰ জালত পৰিল মানেই বহু ফুটবলাৰৰ বাবে বল পেনাল্টী বক্সৰ ভিতৰলৈ লৈ যোৱাতো এক প্ৰকাৰৰ অসম্ভৱ আছিল।  

উল্লেখ্য যে, এটা সময়ৰ ইটালী আৰু জাৰ্মানীৰ ক্লাবসমূহে খেলা আক্ৰমণাত্মক শৈলীৰ ডিফেণ্ডিঙক এক নতুন ৰূপ দিছিল এই জ্যেষ্ঠ খেলুৱৈগৰাকীয়ে।

চাৰ্জিঅ’ৰামোছ ২০১০ চনৰ বিশ্বকাপ বিজয়ী দলৰো সদস্য আছিল।

অৱশ্যে স্পেনিছ দলটিৰ এগৰাকী অন্যতম খেলুৱৈ ৰূপে বিদায় ল’লেও সুখকৰ নহ’ল বিদায়ৰ পূৰ্বৰ মুহুৰ্ত। দলটোৰ বৰ্তমানৰ কোছৰ সৈতে হোৱা কিছু মতানক্যৰ বাবেহে দলত স্থান নাপালে ৰামোছে। যাৰ বাবেই অৱসৰ গ্ৰহণৰ সিদ্ধান্ত খেলুৱৈগৰাকীৰ।

এতিয়াৰে পৰা ৰঙা জাৰ্ছীত দেখা নাপাব চাৰ্জিঅ’ ৰামোছক আৰু খেলপথাৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply