দক্ষিণ শালমাৰা : চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ ছাচিদানন্দন ভাৰত-বাংলাদেশ সীমান্তৰ পৰা দেওবাৰে নিশা বিএছএফে দুটি শিশু, তিনি গৰাকী মহিলাসহ মুঠ ৭ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে। বিএছএফে ৭ গৰাকী বাংলাদেশী নগৰীৰক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে ইতিমধ্যে বাংলাদেশী নাগৰিক সকলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
গুৱাহাটী ফ্ৰন্টিয়াৰ বিএছএফৰ সুত্ৰই এক প্ৰেছ বিবৃতি যোগে জানিব দিয়া মতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ সাহেবগঞ্জ থানাৰ অন্তৰ্গত ছাচিদানন্দন ভাৰত-বাংলাদেশ সীমান্তৰ পৰা ১২৯ নং বিএন বিএছএফে বাংলাদেশী নাগৰিক কেইজনক আটক কৰে। বাতৰি মতে আন দিনৰ দৰে বিএছএফ বাহিনীয়ে নিশা কাইটীয়া তাৰৰ বেৰ থকা সীমান্তত পহৰা দি থকা অৱস্থাত বাংলাদেশী লোক কেইজন ভাৰতৰ পৰা বাংলাদেশৰ ফালে উভতি যাবলৈ চেষ্টা চলাই থকাত বিএছএফে আটক কৰে।
ধৃত বাংলাদেশ নাগৰিক কেইজন ক্ৰমে বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ফুলবাৰী থানাৰ অন্তৰ্গত শিতমাহাল গাঁৱৰ একেটা পৰিয়ালৰ প্ৰয়াত সোনা মিয়াৰ পুত্ৰ মোঃ ছিৰাজুল, তেওঁৰ পত্নী মোছাঃ ছিফাহাৰী , তেওঁৰ জীয়েক মোছাঃ হাবিবাৰ আৰু পুত্ৰ মোঃ নুৰ নবী, নুৰ নবীৰ পত্নী মোছাঃ ছালিমা, নুৰ নবীৰ জীয়েক মোছাঃ নুৰ নেহাৰ আৰু একেখন গাওঁৰ ছাপিকুল ইছলামৰ পুত্ৰ মোঃ ছাকিবুল বুলি চিনাক্ত কৰা হৈছে। মুঠ সাত গৰাকী বাংলাদেশী নাগৰিকৰ ভিতৰত দুটি কণমানি শিশু, তিনি গৰাকী মহিলা আৰু দুজন পুৰুষ আছে।
বাংলাদেশৰ পৰা ভাৰতত থকা কোনোবা আত্মীয়ৰ ঘৰত অবৈধভাৱে কাঁইটীয়া তাঁৰৰ বেৰ পাৰ কৰি ভাৰতলৈ প্ৰৱেশ কৰিছিল বাংলাদেশী নাগৰিকৰ দলটো। নিশাৰ ভাগত পুনৰ কাঁইটীয়া পাৰ কৰি নিজ দেশলৈ উভতি যোৱাৰ পথত তেওলোকক বিএছএফে আটক কৰে। ইতিমধ্যে বিএছএফে লোক কেইজনক কোচবিহাৰৰ সাহেবগঞ্জ থানাত গতাই দিয়াত আৰক্ষীয়ে তেঁওলোকক আদালতত প্ৰেৰণ কৰাত তেঁওলোকক শিশু দুটিসহ জেলত ৰখাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে দেশ বিভাজনৰ পিছত সীমান্তৱৰ্তী এলেকাত দুয়োখন দেশৰ একাংশ লোকৰ আত্মীয় ৰৈ যোৱাৰ ফলত এইদৰে সময়ে সময়ে একাংশ বাংলাদেশী নাগৰিকক অনুমতি বিহীনভাৱে ভাৰতলৈ প্ৰৱেশ কৰি কিছুদিন থকাৰ পিছত পুনৰ উভতি যোৱাৰ ঘটনা প্ৰায়ে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ লগতে অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা তথা ধুবুৰী জিলাত সংঘটিত হৈ আহিছে। কেৱল এয়াই নহয়, ভাৰতৰ ফালৰ পৰা প্ৰায় প্ৰতিদিনে একাংশ ধূৰন্ধৰ গৰুৰ চোৰাং সৰবৰাহকাৰী, ড্ৰাগছ মাফিয়াই অসম-বাংলাদেশ সীমান্তয়েদি বাংলাদেশলৈ গৰু, ড্ৰাগছ আদি সৰবৰাহ কৰে।
লগতে পঢ়ক : কামপুৰৰ পশ্চিম ঘিলানীৰ এগৰাকী অসহায় বৃদ্ধাক উদ্ধাৰ আইন সেৱা প্ৰাধিকাৰীৰ
এতিয়া প্ৰশ্নৰ বিষয় এয়া যে অসম-বাংলাদেশ সীমান্তত ২৪ ঘণ্টাই সীমান্ত সুৰক্ষা বাহিনীয়ে কৰ্তব্য পালন কৰি থকাৰ সময়ত কিদৰে অনুপ্ৰৱেশকাৰী ভাৰতলৈ প্ৰৱেশ কৰাৰ লগতে বাংলাদেশলৈ গৰু সৰবৰাহ হয় সেয়া অতিকৈ ৰহস্যজনক। এই ক্ষেত্ৰত বিএছএফৰ প্ৰতি ৰাইজৰ সন্দেহৰ প্ৰকাশ পায় যদিও বিএছএফে এই ক্ষেত্ৰত সীমান্তত কটকটীয়া নিৰাপত্তা দিয়াৰ কথাহে দাবী কৰা পৰিলক্ষিত হয়।