নিউজ ডেস্ক: মালদ্বীপৰ ৰাজধানী মে’ল (Male)-ত বিদেশী শ্ৰমিকে বাস কৰা এক এলেকাত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত ১০ লোকৰ মৃত্যু হৈছে, ইয়াৰে ৭ জন ভাৰতীয় শ্ৰমিক। শুকুৰবাৰে দেশখনত থকা ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ে জানিবলৈ দিয়ে।

সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি মাজনিশা ১২.৩০ বজাত ৰাজধানী চহৰখনৰ Maaveyo মছজিদৰ সমীপত থকা এটা গেৰেজত উক্ত অগ্নিকাণ্ড সংঘটিত হয়।

মালদ্বীপত থকা ভাৰতীয় উচ্চায়ুক্তই জনোৱা মতে স্থানীয় কৰ্তৃপক্ষই তেওঁলোকক ৭ গৰাকী ভাৰতীয় লোকৰ মৃত্যু হোৱা বুলি অৱগত কৰিছে।

শেহতীয়া তথ্য অনুসৰি, অগ্নিকাণ্ডত নিহত আটাই কেইগৰাকীয়ে শ্ৰমিকেই ভাৰত আৰু বাংলাদেশৰ আৰু তেওঁলোকৰ ভিতৰত মহিলা শ্ৰমিকো আছে।

Sunonline –ত প্ৰকাশিত বাতৰি অনুসৰি অগ্নিকাণ্ড সংঘটিত হোৱা গেৰেজটো তলৰ মহলাত আছে, আনহাতে বিল্ডিংটোৰ প্ৰথম মহলাত মাত্ৰ এখন খিৰিকী থকা এক শোচনীয় পৰিৱেশত অত্যধিক প্ৰব্ৰজিত শ্ৰমিকে বাস কৰি আহিছিল।

বাতৰিটোৰ মতে অগ্নিকাণ্ডটোত গুৰুতৰভাৱে আহত এগৰাকী বাংলাদেশী শ্ৰমিক সংকটজনক অৱস্থাত আছে।

লগতে পঢ়ক – মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাচুলৰ পৰা ৰেহাই পাব দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply