শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এগৰাকী যুৱতীৰ অমানুষিক নিৰ্যাতনৰ সৈতে জড়িত দুজন অভিযুক্তৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল। শুকুৰবাৰে বাংগালুৰুৰ আৰক্ষীয়ে এই কথা সদৰী কৰে।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে অভিযুক্ত কেইজনক আৰক্ষীয়ে ধৰ্ষণ কাৰ্য্য সংঘটিত কৰি ভিডিঅ’ বনোৱা ঘৰটোলৈ লৈ গৈছিল।
সেই সময়তে দুজন অভিযুক্ত হৃদয় বাবু আৰু ৰকিবুল ইছলাম সাগৰে ঘটনাস্থলীত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত গুলী চলাবলৈ বাধ্য হয়।
লগতে পঢ়ক : ভাইৰেল ভিডিঅ’ৰ ৫ অভিযুক্তক বাংগালুৰুত গ্ৰেপ্তাৰ
ৰামমূৰ্তি নগৰ আৰক্ষী থানাৰ পৰিদৰ্শক মেলভিন ফ্ৰান্সিছে অভিযুক্ত দুজনক ওপৰত চলোৱা গুলীচালনাত তেওঁলোকে আঁঠুত আঘাতপ্ৰাপ্ত হয়। পিছত দুয়োজনকে এখন চৰকাৰী হস্পিতালত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষীৰ লোকে জানিবলৈ দিয়ে।
বৃহস্পতিবাৰে বাংগালুৰুৰ আৰক্ষীয়ে সদৰী কৰা মতে উক্ত ঘটনাত জড়িত দুগৰাকী মহিলাসহ মুঠ ৬জন লোকৰ বিৰুদ্ধে ৰামমূৰ্তি নগৰ আৰক্ষী থানাত ধৰ্ষণৰ এক গোচৰ ৰুজু কৰা হৈছে।
উল্লেখযোগ্য যে এই কাণ্ড সংঘটিত কৰা আটাইকেইগৰাকী অভিযুক্ত আৰু নিৰ্জাতিতাগৰাকীক বাংলাদেশী নাগৰিক বুলি বাংগালুৰু আৰু ঢাকা আৰক্ষীয়ে চিনাক্ত কৰিছে।
আৰক্ষী ৬ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যদিও এই পৰ্য্যন্ত নিৰ্জাতিতা যুৱতী গৰাকীক উদ্ধাৰ কৰিব পৰা নাই।