ভাইৰেল ভিডিঅ’ৰ মূল মানুহ কেইটা ধৰা পৰিছে বাংগালুৰুত।
বীভৎস নিৰ্যাতন চলোৱা আটাইকেইটা অভিযুক্ত আৰু নিৰ্যাতিতা বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰী। বাংগালুৰু আৰক্ষীয়ে ইতিমধ্যে আটাইকেইটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
অপৰাধী কেইটাই বাংগালুৰুৰ এন আৰ আই কলনীত বাহৰ পাতি আছিল। নাৰী দেহ ব্যৱসায় আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত অভিযুক্ত কেইটাৰ বিৰুদ্ধে ৰামমূৰ্তি নগৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিৰ্যাতিতাৰ সৈতে টকা-পইচা সংক্ৰান্তীয় কিছু বিবাদ হৈছিল কালপ্ৰীট কেইটাৰ। নিৰ্যাতিতা বাংলাদেশী যুৱতীগৰাকী কৰ্ণাটকৰ কাষৰীয়া এখন ৰাজ্যত আশ্ৰয় লৈ থকাৰ ধাৰণা কৰা হৈছে।
ধৰা পৰাৰ পিছত আন এক প্ৰসংগ পোহৰলৈ আহে যে অবৈধ অনুপ্ৰৱেশ কাৰীৰ পৰা আধাৰ কাৰ্ডো পোৱা গৈছে।লগতে পঢ়ক ভাইৰেল ভিডিঅ’ৰ ৫ অভিযুক্তক বাংগালুৰুত গ্ৰেপ্তাৰ