নিউজ ডেস্কঃ কোকিলকন্ঠী প্ৰসিদ্ধ গায়িকা লতা মংগেশকাৰৰ অন্ত্যেষ্টিক্ৰিয়া দেওবাৰে মুম্বাইৰ শিবাজী পাৰ্কত সম্পন্ন হৈ যায়।

অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচীত উপস্থিত থকা বলীউডৰ চেলিব্ৰিটি সকলৰ ভিতৰত শ্বাহৰুখ খানৰ এখন ফটো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ছুপাৰষ্টাৰ শ্বাহৰুখ খানে তেওঁৰ মেনেজাৰ পুনম দাদলানিৰ সৈতে লতাজীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পুষ্পাঞ্জলি প্ৰদান কৰাই নহয় অভিনেতাগৰাকীয়ে লতাজীৰ চৰণ স্পৰ্শ কৰি কোকিলকন্ঠীগৰাকীৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰি আল্লাহৰ ওচৰত দোৱা কৰিছিল।

লগতে পঢ়কঃপঞ্চভূতত বিলীন হ’ল সুৰ সমাজ্ঞীৰ নশ্বৰদেহ

হৃদয় স্পৰ্শ কৰি যোৱা এই ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছতেই বিভিন্ন জনে মন্তব্য আগবঢ়াইছে। “এক হি দিল হে কিতনি বাৰ জিতোংগে খান চাহাব”, শ্বাহৰুখলৈ অনুৰাগীৰ প্ৰশ্ন।

আন এজনে মন্তব্য কৰে,’শ্বাহৰুখ এজন প্ৰকৃত ভদ্ৰলোক, সদায় ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ সলনি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈহে উপস্থিত হয়।তেওঁ এজন মহান ব্যক্তি।’

শ্বাহৰুখ এই ফটোখনে অগণন দেশবাসীৰ হৃদয় চুই গৈছে। সকলো ধৰ্মৰে জীৱনশৈলী ভিন্ন হ’লেও ভাৰত সদায় সকলো ধৰ্মক সন্মান কৰা মহান দেশ হৈয়েই থাকিব। প্ৰাৰ্থনা কৰাৰ ধৰণ বেলেগ বেলেগ হ’লেও সকলোৰে পৰিচয় দেশ আৰু মানুহক ভাল পোৱা মহান ভাৰতীয়। এইয়াই প্ৰমাণ কৰে ভাৰত সদায় অনৈক্যৰ মাজতো ঐক্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply