নিউজ ডেস্কঃ আজিৰ দিনটোতে অৰ্থাৎ ২৩ মাৰ্চত স্বাধীনতাৰ বাবে যুজ দিয়া সময়ত ভাৰতৰ তিনি গৰাকী বীৰ সন্তান ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ফাঁচী কাঠত ওলমোৱা হৈছিল। আৰু এই মৃত্যুদণ্ডক হাঁহি হাঁহি স্বীকাৰ কৰিছিল দেশৰ বীৰ সন্তান কেইগৰাকীয়ে। এই বীৰ শ্বহীদ কেইজনৰ স্মৰণতে ২৩ মাৰ্চৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে।
উল্লেখ্য যে, প্ৰায় ৯০ বছৰ পূৰ্বে আজিৰ দিনটোত মাত্ৰ ২৩ বছৰ বয়সতে ভগত সিঙক ফাঁচী দিয়া হৈছিল। আৰু শ্বহীদ গৰাকীৰ এনেদৰে দেশ আৰু দেশবাসীৰ বাবে হাঁহি হাঁহি মৃত্যুক সাৱটি লোৱাৰ সাহসিকতাৰ পাছতে দেশবাসীয়ে আন্দোলনৰ পথত আগুৱাই যাবলৈ সাহস লাভ কৰিছিল।
ভাৰতক স্বাধীন কৰাৰ ক্ষেত্ৰত এই তিনি গৰাকী শ্বহীদৰ অৱদান অতুলনীয়। ১৯৩১চনৰ ২৩ মাৰ্চত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ব্ৰিটিছ চৰকাৰে ফাঁচী কাঠত ওলমাই দিছিল যদিও তেওঁলোকে দেখা স্বাধীন ভাৰতৰ সপোনক মচি পেলাব নোৱাৰিলে। তাৰ বিপৰীতে এই স্বাধীনতা আন্দোলন আৰু তীব্ৰতৰ হৈ পৰিল।
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্বহীদ দিৱসৰ দিনটোত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়- ‘দেশৰ বাবে প্ৰাণ আহুতি দিয়া এই তিনি শ্বহীদে চিৰদিনৰ বাবে দেশবাসীক অনুপ্ৰাণিত কৰিব। শ্বহীদ দিৱসত দেশৰ অমৰ সন্তান বীৰ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাৰে সুঁৱৰি প্ৰণিপাত জনালো। জয় হিন্দ!’ শ্বহীদ দিৱসৰ এই বিশেষ দিনটোত সমগ্ৰ দেশবাসীয়ে আজি এই তিনি গৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে।