নিউজ ডেস্ক: মহিলাক উদ্দেশ্যী আপত্তিজনক মন্তব্য কৰি বিপদত পৰিছে ‘শক্তিমান’ খ্যাত প্ৰবীন অভিনেতা মুকেশ খান্না।

শেহতীয়াকৈ ভাইৰেল হৈ পৰা ভিডিঅ’ৰ বাবে অভিনেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ দিল্লী চাইবাৰ চেলক জাননী প্ৰেৰণ কৰিছে দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে।

উল্লেখযোগ্য যে মহিলাৰ প্ৰতি অপমানসূচক মন্তব্য কৰা প্ৰবীন অভিনেতাজনৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে তেওঁ সামাজিক মাধ্যমত ব্যাপক ট্ৰলৰ সন্মুখীন হৈছে।    

২২ ছেকেণ্ডৰ ভিডিঅ’টোত খান্নাই ল’ৰাক যৌন সম্পৰ্কৰ প্ৰস্তাৱ আগবঢ়োৱা যুৱতীসকলক ‘ধাণ্ডা’ কৰা যুৱতী বুলি উল্লেখ কৰিছিল। ‘ভাল’ ঘৰৰ ছোৱালী কেতিয়াও এনে কামত জড়িত নহয় বুলি মন্তব্য কৰি তেওঁ ‘ধাণ্ডা’ কৰা এনে যুৱতীৰ পৰা সাৱধানে থকাৰ কথা কৈছিল।

তেওঁৰ উক্ত মন্তব্যই সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে বিভিন্নজনে অভিনেতাজনৰ উক্ত যৌন কৰ্মীসকলৰ লগতে গোটেই মহিলাজাতিটোৰ প্ৰতিয়ে অপমানসূচক বুলি কয়।

লগতে পঢ়ক – গুগলৰ Data Centreত অগ্নিকাণ্ড!গুৰুতৰ ভাৱে আহত তিনিজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply