বিজেপিৰ দুই প্ৰাক্তণ কেন্দ্ৰীয় মন্ত্ৰী এইবাৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অংশ লব।
বাজপেয়ী কেবিনেটৰ মন্ত্ৰী শত্ৰুঘ্ন সিনহাৰ নৰেন্দ্ৰ মোদীৰ শাসন আৰম্ভ হোৱাৰ পিছৰে পৰা দলৰ পৰা আতৰি থাকিবলৈ বাধ্য কৰোৱাইছিল। চাৰিবাৰকৈ নিৰ্বাচত জয়লাভ কৰাৰ পিছতো দলে টিকট নিদিয়াৰ পিছৰে পৰা বিজেপিৰ বিৰুদ্ধে দলতে থাকি সোচ্চাৰ হৈছিল।বিজেপিয়ে টিকট নিদিয়াত কংগ্ৰেছত যোগদান কৰি ২০১৯ চনত পাটনা চাহিবৰ পৰা নিৰ্বাচন খেলি পৰাস্ত হৈছিল।

আনহাতে নৰেন্দ্ৰ মোদী কেবিনেটৰ মন্ত্ৰী বাবুল সুপ্ৰিয়ক লৈ এটা সময়ত পশ্চিমবংগ দখলৰ সপোন দেখা বিজেপিয়ে যোৱাটো নিৰ্বাচনত তেওৰ বিপৰীতে আন এগৰাকী হে অধিক দায়িত্ব দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আতৰাই দিয়াৰ দুমাহৰ পিছতেই যোগদান কৰে তৃণমূল কংগ্ৰেছত।
এইবাৰ দুয়োকে প্ৰাৰ্থীত্ব দিছে মমতা বেনাৰ্জীয়ে। শত্ৰুঘ্ন সিনহাই অংশ লব আঞ্চনচল লোকসভা সমষ্টিত আৰু বাবুল সুপ্ৰিয়ই অংশ ল’ব বালিগঞ্জ বিধানসভা সমষ্টিত। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুয়োকে অহা ১২ এপ্ৰিলত হ’ব লগা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বুলি ঘোষণা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply