পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ বাবে বিৰোধী দলৰ হৈ শ্বাসবাজ ছৰীফ আৰু ইমৰান খানৰ দল পিটিআই হৈ মহমুদ কুৰেছিয়ে আজি বিয়লি ৪ বজাত মনোনয়ন দাখিল কৰে । শ্বেহৱাজ শ্বৰীফ পিএমএলএন দলৰ নেতা । ছৰীফক পিএমএলএনে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী বুলি ঘোষণা কৰিছে । ইফালে মহমুদ কুৰেছি পিটিআই দলৰ জ্যেষ্ঠ নেতাৰ লগতে ইমৰান খান চৰকাৰৰ বিদেশ মন্ত্ৰী আছিল । কাইলৈ বিয়লি ২ বজাত সদনত প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰা হব ।
“মই প্রধানমন্ত্ৰীৰ দায়িত্ব লাভৰ পাছত প্ৰথম কৰ্তব্য হব ভাৰতৰ লগত শান্তি স্থাপন । কাশ্মীৰ বিষয়ক সম্পূৰ্ণ সমস্যা সমাধানৰ অবিহনে ভাৰতৰ লগত শান্তি অসম্ভৱ ।”-পাকিস্তান প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী শ্বেহৱাজ ছৰীফ ।
ইয়াৰ পূৰ্বে মাজনিশা অনুষ্ঠিত অনাস্থা প্ৰস্তাৱত ১৭৪ গৰাকী সাংসদৰ সৰ্মথন দাখিল কৰি ইমৰান খানক প্ৰধানমন্ত্ৰী পদৰ পৰা পদচ্যুত কৰিছিল।