নিউজ ডেস্কঃ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ বৃহস্পতিবাৰে পুৱা হাৰ্ট এটেক হৈ মৃত্যু হয়। অভিনেতাগৰাকীৰ এই আকস্মিক মৃত্যুক মানি ল’ব পৰা নাই তেওঁৰ বন্ধু-বান্ধৱী তথা শুভাকাংশীসকলে।
বিগ বছ-১৩’ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ ৪০ বছৰ। অভিনেতাজনৰ মৃত্যুত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ, অনুৰাগীসকল শোকত ম্ৰিয়মাণ হৈ পৰিছে।
তেওঁৰ এগৰাকী অন্যতম বান্ধৱী ছেহনাজ গিলে সিদ্ধাৰ্থৰ মৃত্যুক সহজ ভাৱে ল’ব পৰা নাই। বিগ বছ ১৩তে দুয়ো প্ৰথম লগ পাইছিল। ক্ৰমান্বয়ে দুয়োৰে বন্ধুত্ব ঘনিষ্ঠ হৈ আহে। ইমানেই নহয় ছেহনাজে সিদ্ধাৰ্থক পৰিয়ালৰ এজন সদস্য়ৰ দৰে মানিছিল।
সিদ্ধাৰ্থ আৰু শ্বাহনাজে কেৱল বিগ বছৰ ঘৰতেই নহয় তাৰপৰা ওলাই অহাৰ পিছতো ইজনে সিজনৰ হৈ থিয় দিছিল। অনুৰাগীসকলেও এই যুঁটিটোক খুবেই পছন্দ কৰিছিল ।
যেতিয়াই ছ’চিয়েল মিডিয়াত শ্বাহনাজ বা সিদ্ধাৰ্থক ট্ৰ’ল কৰাৰ চেষ্টা কৰা হৈছিল, দুয়োৱে ইজনে সিজনৰ সমৰ্থনত থিয় হৈছিল।
লগতে পঢ়কঃউত্তৰ-প্ৰদেশত ঘৰলৈ আহি থকাৰ পথত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ
কেইবাগৰাকীয়ো অভিনেত্ৰীৰ সৈতেও সিদ্ধাৰ্থ শুক্লাৰ প্ৰেমৰ সম্পৰ্ক আছিল। আকাংক্ষা পুৰী, দৃষ্টি ধামী, ৰশ্মি দেশাইৰ লগতো প্ৰেমৰ সম্পৰ্ক আছিল সিদ্ধাৰ্থৰ।
এসময়ত সিদ্ধাৰ্থ আৰু আকাংক্ষা পুৰীৰ প্ৰেমৰ সম্পৰ্কই সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল। কিন্তু খোলা-খুলিকৈ এই যুঁটীটোৱে কাৰো আগত তেওঁলোকৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰা নাছিল।
ইফালে ‘ঝলক দিখলা যা’ৰ মঞ্চত অন্যতম যুঁটী আছিল দৃষ্টি ধামী আৰু সিদ্ধাৰ্থ শুক্লা। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে বহুত চৰ্চিত হৈছিল। দুয়োজনে লিভ ইন টুগেদাৰতো আছিল। কিন্তু দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ অন্ত পৰে। সিদ্ধাৰ্থৰ লগত বিচ্ছেদপ পাছত দৃষ্টি ধামীয়ে নীৰজ খেমকাৰ লগত বিবাহপাশত আবদ্ধ হয়।
শেহতীয়াকৈ ছেহনাজ-সিদ্ধাৰ্থৰ যুঁটীক শুভাকাংশীসকলে খুবেই পছন্দ কৰিছিল। বিগ বছ -১৩ ৰ পৰা ওলাই অহাৰ পিছতো কেইবাটাও Project ত তেওঁলোকে একেলগে কাম কৰিছিল। কিন্তু এতিয়া সিদ্ধাৰ্থৰ মৃত্যুত সম্পূৰ্ণৰূপে ভাঙি পৰিছে ছেহনাজ। দুয়োৰে এই যাত্ৰা যেন ইমানতেই স্তব্ধ হৈ ৰ’ল।