নতুন দিল্লী : সাহিত্য ক্ষেত্ৰৰ বাবে জেচিবি সাহিত্য বঁটা ২০২১ বাবে দীঘলীয়া তালিকা ঘােষণা কৰা হৈছে। দহখন উপন্যাসৰ তালিকা পাঁচজনীয়া বিচাৰকৰ এটা পেনেলে বাছনি কৰিছে, য’ত আছে লেখক আৰু সাহিত্যিক অনুবাদক চাৰা ৰায় (অধ্যক্ষ), ডিজাইনাৰ আৰু কলা ইতিহাসবিদ ডাঃ অন্নপূর্ণা গাৰিমেলা, লেখক আৰু অনুবাদক শ্বাহনাজ হাবিব, সাংবাদিক আৰু সম্পাদক প্রেম পানিকাৰ আৰু লেখক আৰু পডকাষ্টাৰ অমিত বর্মা।

এই বছৰ ছয় নতুন ভাৰতীয় লিখকে দীঘলীয়া তালিকাত অন্তর্ভুক্ত হৈছে। ইয়াৰ বাবে আটাইতকৈ আকাংক্ষিত এক বঁটাৰূপে পৰিগণিত আছে। তালিকাৰ তিনিটা কাম মুখ্যত হৈছে অনুবাদ (মালায়ালমৰ পৰা)। তালিকাখন ১৬খন ৰাজ্যৰ লেখকসকলে লিখি ৰখা বিভিন্ন পৰিসৰৰ পৰা বাছনি কৰা হৈছিল, যি ১ আগষ্ট ২০২০ আৰু ৩১ জুলাই ২০২১-ৰ মাজত প্রকাশিত একাধিক ভাষাৰ গ্রন্থ।

সাহিত্য ক্ষেত্ৰৰ জেচিবি বঁটা প্ৰতি বছৰে ভাৰতৰ এজন এজন বিশিষ্ট কল্পকাহিনী ৰচকক প্রদান কৰি অহা হৈছে। জুৰীয়ে ৪ অক্টোবৰত পাঁচজনীয়া নামৰ সংক্ষিপ্ত তালিকা ঘােষণা কৰিব। ২৫ লাখ টকাৰ জেচিবি সাহিত্য পুৰস্কাৰ প্ৰাপকৰ নাম ১৩ নৱেম্বৰত ঘােষণা কৰা হ’ব। যদি বিজয়ীজনে অনুবাদকৰ বাবে এই বঁটা লাভ কৰে, তেন্তে তেওঁ অনুবাদ হিচাপে অতিৰিক্ত ১০ লাখ টকা লাভ কৰিব আৰু ৫ জন সংক্ষিপ্ত তালিকাভুক্ত লেখকৰ প্রত্যেকেই ১ লাখ টকাকৈ লাভ কৰিব। যদি সংক্ষিপ্ত তালিকাভুক্ত কোনাে অনুবাদ হয়, তেওঁ অনুবাদকৰূপেও ৫০,০০০ টকা লাভ কৰিব। বিজুলা দাস, কৃপা গে, দাৰিভা লিণ্ডেম, সবীৰ আহমেদ মীৰ, লিণ্ডচে পেৰে আৰু কীর্তিক শশীধৰণৰ এয়া প্রথম উপন্যাস।

২০২১ চনৰ তালিকা আৰু সামগ্রিক অধ্যয়নৰ অভিজ্ঞতাৰ ওপৰত জুৰীৰ অধ্যক্ষ আৰু পর্যবেক্ষক চাৰা ৰায়ে এই সম্পর্কে কয়, “জেচিবি বঁটা ২০২১ত তালিকাভুক্ত গ্রন্থ আৰু বহু অনুবাদক গ্রন্থবােৰৰ বিস্তৃত পৰিসৰ অধ্যয়ন কৰি থাকোঁতে কিছু দিশত গুৰুত্ব দিছিলোঁ, যাৰ ভিতৰত আছিল প্লট আৰু বর্ণনা, গাঁথনি ৰূপক দৃষ্টিভংগী, আৰু আৱিষ্কাৰৰ কোণসমূহ। কেন্দ্রীভূত দৃষ্টি আৰু অনন্য কণ্ঠস্বৰৰ বাবে কিতাপখনৰ ছেটিং আৰু পৰিস্থিতিৰ। সৈতে সংগতি আছে নে নাই সেই দিশাে চোৱা হৈছিল। আমি লক্ষ্য কৰিছিলোঁ যে ২০২১ চনৰ তালিকাভুক্ত কিতাপবােৰ কেৱল এই চৰ্তবােৰ পূৰণ কৰাই নহয়, চূড়ান্ত পৰীক্ষাতে উত্তীর্ণ হৈছিল। গ্রন্থসমূহ পঢ়ি দীঘলীয়া সময়লৈ পাহৰিব নােৱাৰা অভিজ্ঞতা লাভ কৰিছিলোঁ।”

সমগ্ৰ দেশতে ক’ভিড সম্পর্কীয় নিষেধাজ্ঞাৰ প্রতি লক্ষ্য ৰাখি জেচিবি সাহিত্য বঁটাৰ বাবে তালিকাভুক্ত হােৱা গ্রন্থসমূহ দেশৰ প্ৰতিটো কোণৰ পাঠকৰ ওচৰলৈ লৈ যােৱাটো নিশ্চিত কৰিবলৈ চতুর্থ বছৰৰ বাবে আগুৱাই আহিছে আমাজন বুকচ ইণ্ডিয়া। ইয়াৰ উপৰিও বঁটাটো এই বছৰ নতুন অন-গ্রাউণ্ডৰ সৈতে ঘূৰি আহিছে। ষ্টেণ্ড-এলন বুক ষ্টোৰ আৰু বুলু টোকাই কফি ৰােষ্টাৰ্ছৰ সৈতে সহযােগিতা কৰি সমগ্ৰ দেশৰ তালিকাভুক্ত উপন্যাসসমূহৰ বিস্তৃত বিষয় সম্পর্কে পঢ়ুৱৈ আৰু কিতাপৰ মুখামুখি কথােপকথনৰ ব্যৱস্থা কৰা হৈছে। এই সম্পর্কে বুলু টোকাই কফি ৰেষ্টাৰ সহ-প্রতিষ্ঠাপক নম্রতা আস্থানাই কয়-” কফি আৰু কিতাপ সদায় একেলগে চলি আহিছে আৰু প্রতিভাশালী লেখকসকল আমাৰ কফিৰ সৈতে জড়িত। আমি জেচিবি বঁটাত অৱদান আগবঢ়াবলৈ সক্ষম হােৱাৰ বাবে কৃতজ্ঞ।”

লগতে পঢ়ক : ভক্তিৰসত বুৰ গৈছে সত্ৰনগৰী মাজুলী

বঁটাৰ প্ৰচাৰৰ বিষয়ে সাহিত্য সঞ্চালক মিতা কাপুৰে কয়: “এই বছৰ আমি দাখিল কৰা সাহিত্যবােৰত যি বিচাৰি আছিলাে, মই নিজকে ভাবাে, সেইটো বাহিৰৰ পৃথিৱীৰ এক অনুভূতি আছিল। আমি সমগ্ৰ দেশৰ ডাঙৰ আৰু সৰু প্রকাশকসকলৰ ওচৰলৈ গৈছিলাে, যিসমূহে মূলতঃ ইংৰাজীত আৰু ভাৰতীয় ভাষালৈ অনুবাদ কৰাৰ কিতাপৰ কাম কৰি আছিল। আমি পােৱা কিতাপবােৰে আমাক আচৰিত কৰিছিল, আমাক জীয়াই থকাৰ একাধিক উপায় দেখুৱাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply