নিউজ ডেস্কঃ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ(৬৭) মৃত্যু।  পশ্চিম জাপানৰ নাৰা চহৰত এখন ৰাজহুৱা সভাত ভাষণ দি থকা অৱস্থাত প্ৰধানমন্ত্ৰী গৰাকীৰ ওপৰত দুৰ্বৃত্তই গুলীচালনা কৰিছিল। লগে লগে প্ৰধানমন্ত্ৰী গৰাকীক সংকটজনক অৱস্থাত নাৰা চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শিনজোক বচাবলৈ চিকিৎসকসকলে আপ্ৰাণ চেষ্টা চলাইছিল যদিও বিফল হয়।

শিনজো আবেৰ মৃত্যুৰ লগে লগে জাপানত এটা যুগৰ অৱসান ঘটে। আবেয়ে দ্বিতীয় বিশ্বযুদ্ধৰ ছাঁৰ পৰা মুকলি কৰি জাপানক এখন আধুনিক দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। যদিও শিনজো আবে এই পৃথিৱী ত্যাগ কৰিছে, কিন্তু আজি জাপান এনে এখন দেশ যিয়ে চীনৰ কাৰ্যকলাপৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে। কেৱল এয়াই নহয় পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰটো ৰাছিয়াৰ সন্মুখত দমন কৰা হোৱা নাই জাপান।

উল্লেখ্য যে, যিজন লোকে আবেলৈ গুলীচালনা কৰিছিল, তেওঁৰ নাম য়ামাগামী(৪০)। য়ামাগামীয়ে ৩ডি প্ৰিণ্টেড বন্দুকেৰে গুলীচালনা কৰিছিল। য়ামাগামীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আবেই এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল।

শিনজো আবেৰ মৃত্যুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও গভীৰ শোক প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply