নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন মোৰ। শিৱসেনাৰ ৫৫ জন বিধায়কৰ ভিতৰত ৫৩ জনলৈ বিধানসভাৰ সচিব ৰাজেন্দ্ৰ ভাগৱতে কাৰণ দৰ্শাই জাননী প্ৰেৰণ কৰিছে। এই বিধায়কসকলৰ ভিতৰত ৩৯ জন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিবিৰৰ আৰু বাকী ১৪ জন উদ্ধৱ বাহিনীৰ।


সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দুয়ো পক্ষই ৩ জুলাইত অধ্যক্ষৰ নিৰ্বাচনত আৰু ৪ জুলাইত আস্থা ভোটত ‘হুইপ'(whip) অস্বীকাৰ কৰা অভিযোগ উত্থাপন হৈছে। লগতে বিধায়কৰ পদ বাতিলৰ দাবী জনাইছে। বিধায়কসকলক পৰৱৰ্তী সাত দিনৰ ভিতৰত সঁহাৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে।অৱশ্যে, উদ্ধৱ থাকৰে পুত্ৰ আদিত্যৰ নাম জাননী খনত উল্লেখ কৰা হোৱা নাই।

উল্লেখ্য যে, ভাৰত গোগাৱালে আস্থা ভোটত সিন্দেৰ সমৰ্থনত ভোট দিবলৈ ‘হুইপ’ জাৰি কৰিছিল কিন্তু আদিত্যই অনুসৰণ কৰা নাছিল। কিন্তু তাৰ পাছতো বালাচাহেব থাকৰেৰ আদৰ্শক বিবেচনা কৰি উদ্ধৱৰ পুত্ৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা হাতত নল’লে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰত ৰাজনৈতিক পটভূমিৰ পৰিৱৰ্তন হৈছে। উদ্ধৱ চৰকাৰৰ পতন হোৱাৰ পাছত একনাথ সিন্দে চৰকাৰে বিজেপিৰ সৈতে হাত মিলাই। সিন্দে-বিজেপি চৰকাৰে যোৱা সপ্তাহত আস্থা ভোটত বৃহৎ ব্যৱধানত জয়লাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply