নিউজ ডেক্স : জুলাই মাহৰ পৰা পুনেস্থিত ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ছিৰাম ইন্সটিটিউট অৱ ইণ্ডিয়া (SII)য়ে ১২ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰসকলৰ বাবে প্ৰস্তুত কৰা নোভাভেক্স (Novavax) ক’ভিড ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিব।
আনহাতে প্ৰতিষ্ঠানটোৱে অহা ছেপ্টেম্বৰৰ পৰা দেশত কোভাভেক্স ভেকচিনৰ প্ৰয়োগ আৰম্ভ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে হায়দৰাবাদস্থিত ভাৰত বায়’টেক নামৰ প্ৰতিষ্ঠানটোৱে ১২ৰ পৰা ১৮ বছৰৰ ভিতৰৰ কিশোৰসকলৰ বাবে কোভেক্সিনৰ ক্লিনিকেল ট্ৰায়েল কৰিছিল। সেই উদ্দেশ্যে নতুন দিল্লী আৰু পাটনাত থকা সৰ্ব ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানত (AIIMS) ৫২৫ গৰাকী কিশোৰ-কিশোৰীৰ ওপৰত এই ট্ৰায়েল কৰা হৈছিল।
লগতে পঢ়ক : ধৰ্ষণত অভিযুক্ত আই আই টি গুৱাহাটীৰ ছাত্ৰৰ জামিন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
ইয়াৰ উপৰি ৬ৰ পৰা ১২ বছৰ বয়সৰ আৰু ২ৰ পৰা ৬ বছৰ বয়সৰ শিশুসকলৰ ওপৰতো কোভেক্সিনৰ ক্লিনিকেল ট্ৰায়েল চলোৱা হ’ব।
নোভাভেক্স আৰু ভাৰত বায়’টেক উপৰি জাইডাচ কেডিলা (Zydus Cadila) নামৰ প্ৰতিষ্ঠানটোৱেও ১২ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰ কিশোৰীসকলৰ ওপৰত ZyCoV-D ক’ভিড ভেকচিনৰ ট্ৰায়েল চলাইছে। প্ৰতিষ্ঠানটোৱে এতিয়া ৫ৰ পৰা ১২ বছৰ বয়সৰ শিশুসকলৰ ওপৰত ক্লিনিকেল ট্ৰায়েল কৰাৰ পৰিকল্পনা কৰিছে।