দেশত অহা ১ মেৰ পৰা ১৮ বছৰ বয়সলৈকে সকলোকে কোৰোনা ভেকচিন দিয়া হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰাৰ পিছতেই ছীৰাম ইনষ্টিটিউটৰ ফালৰ পৰা কোভিশ্বিল্ডৰ দাম আজি ঘোষণা কৰিছে ।
ছীৰাম ইনষ্টিটিউটৰ চিইঅ’ আদৰ পুনাৱালাই প্ৰকাশ কৰা মতে এতিয়াৰে পৰা প্ৰতিটো কভিশ্বিল্ড ভেকচিনৰ দাম ৰাজ্য সমূহৰ বাবে ৪০০ টকা আৰু ব্যক্তিগত খন্ডৰ চিকিৎসালয়ৰ বাবে ৬০০ টকা নিদ্ধাৰণ কৰিছে।
অহা দুটা মাহ ছীৰাম ইনষ্টিটিউটৰ ৫০ শতাংশ ভেকচিন কেন্দ্ৰীয় চৰকাৰৰ টীকাকৰণ কাৰ্যসূচীৰ বাবে দিয়া হ’ব আৰু বাকী ৰাজ্য সমূহৰ চৰকাৰী আৰু বেচৰকাৰী খন্ডৰ চিকিৎসালয় সমূহক যোগান ধৰা হ’ব বুলি ঘোষণা কৰিছে পুনাৱালাই।
আনহাতে ভাৰত বায়টেকৰ কোভাক্সিনৰ ক্ষেত্ৰত কোম্পানীটোৱে এতিয়াও মুকলি বজাৰত বিক্ৰি কৰা সম্পৰ্কে কোনো ধৰনৰ মন্তব্য কৰা নাই ।