নিউজ ডেস্ক: ছিকিমত শ্ৰমিকৰ ন্যূনতম মজুৰি ১৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। দেওবাৰে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ দিনা ৰাজ্যখনৰ মুখ্য মন্ত্ৰী প্ৰেম সিং গোলেয়ে এই কথা ঘোষণা কৰে।
মুখ্য মন্ত্ৰী গৰাকীয়ে জনোৱা মতে এতিয়াৰ পৰা ৰাজ্যখনত নিয়মীয়াকৰণৰ আওতাত নপৰা শ্ৰমিকসকলক ন্যূনতম মজুৰি আইনৰ অধীনত ন্যূনতম ১৫,০০০ টৰা দৰমহা প্ৰদা হ’ব।
তেওঁ ৰাজ্য চৰকাৰখনে শ্ৰমিকসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আন কেতবোৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি সকলো শ্ৰমিককে শ্ৰম বিভাগত নিজকে পঞ্জীকৃত কৰিবলৈ আহ্বান জনায় যাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সুবিধা তথা আঁচনিৰ লাভ উঠাব পাৰে।
লগতে পঢ়ক – খুমটাইৰ মেঘনা কুৰ্মি প্ৰাথমিক বিদ্যালয়ৰ ৪৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন