নিউজ ডেস্ক: ছিকিমত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এখন সেনাৰ ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ ১৬জনকৈ সেনা জোৱানে প্ৰাণ হেৰোৱাব লগীয়া হয়।

প্ৰাপ্ত তথ্য মতে, উত্তৰ ছিকিমৰ জেমাত আজি পুৱা সেনাৰ এটা তিনিখন বাহনৰ কনভয় চাটেনৰ পৰা থাংগু অভিমুখে গৈ থকা অৱস্থাতে ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰোৱাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাৰ পিছত অলঞ্চলটোত উদ্ধাৰ অভিযান চলাই চাৰিজন আহত সৈনিকক বিমানেৰে উলিয়াই অনা হয় যদিও দুৰ্ভাগ্যবশতঃ তিনিজন বিষয়া আৰু ১৩ জন সেনা জোৱানে দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুৰ্ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰি নিহত জোৱানসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

লগতে পঢ়ক – ধেমাজিত ১২২০ কোটি টকা আঁচনিৰ কাম শুভাৰম্ভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply